নিতান্ত আৱশ্যকীয়, যাতে সাধাৰণ নাগৰিক ভোটাৰৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ শাসকলৈকে সকলোৱে নৈতিক আদৰ্শৰ দ্বাৰা প্ৰণোদিত হৈ দেশ-শাসনৰ কাম পৰিচালনা কৰিব পাৰে । এই নৈতিক আদৰ্শৰ অভাৱ ঘটিলে, আমি হয়তো তর্কযুদ্ধৰ জয়- পৰাজয়ৰ লীলা সদায় চকুৰে দেখা পাই থাকিম, কিন্তু ৰাইজৰ অৱস্থা সেই কৌটিকলীয়া আন্ধাৰতে পৰি থাকিব ৷ স্তৰে-স্তৰে শাসকসকলৰ প্ৰকৃত কৰ্ত্তব্য নিৰূপণ কৰাটো গণতান্ত্রিক যুগৰ সাহিত্যৰ এটি প্রধান উদ্দেশ্য হোৱাটো বাঞ্ছনীয় । আদৰ্শত অৰাজকতা-আন্ধাৰ হলে জাতি লক্ষভ্রষ্ট হোৱাৰ আশঙ্কা । মহাজ্ঞানী চক্ৰেটিছৰ শিষ্য প্লেটোৰ ‘ৰিপাব্লিক'ৰ চানেকিৰে কোনোবাই এখন ভাল গ্রন্থ লিখিলে সেই পুথি গণতন্ত্ৰৰ বেদ বুলি পৰিগণিত হব ।
সাহিত্যই হৈছে দেশত ঐক্যসাধনৰ প্ৰধান উপায় । প্রত্যেক জাতিৰে অতীজ সম্ভাৰ আছে, এই অতীজ সম্ভাব হৈছে জাতিৰ এজমালি সম্পত্তি। এই এজমালি সম্পত্তিৰ ভাগ-বিতৰণ যিমানেই ব্যাপক হয় তিমানেই জাতিব ভিন্-ভিন্ মানুহৰ মাজত একে মনোভাৱ সৃষ্টি হয়। অসমৰ গৃহস্থালি আৰু খেতি-বাতিত অতীজৰে পৰা ডাকৰ বচন মানুহে শিৰোধাৰ্য কৰি আহিছে। সকলো অসমীয়াই এই ‘ডাকৰ বচন বেদৰ বাণী' অপৰিহাৰ্য্যভাৱে মানি চলাত তেওঁলোকৰ জীৱনযাত্ৰাৰ পদ্ধতি একে আদর্শতে চলি আহিছে। সেইদৰে মহাপুৰুষ শঙ্কৰদেৱ আৰু তেওঁৰ পূৰ্বৱৰ্ত্তী আৰু পৰৱৰ্ত্তী আধ্যাত্মিক কবিসকলৰ বাণী সকলো অসমীয়াই অধ্যয়ন আৰু আলোচনা