সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
অসমীয়া সাহিত্য আৰু কৃষ্টি

কৰিছে। প্রগতিশীল অসম চৰকাৰেও তদনুৰূপ ব্যৱস্থা অচিৰে হাতত লব বুলি সাহিত্য সভাই আশা কৰিছে ।

 সাহিত্যৰ উন্নতি সাধন দেশীয় প্রশাসনৰ এটি প্রথম খাপৰ আৱশ্যকীয় কৰ্ত্তব্য, কাৰণ সাহিত্যৰ জৰীয়তে মানুহৰ মন উন্নত কৰিব নোৱাৰিলে নাগৰিকৰ আশা-আকাঙ্ক্ষাও হয় তলখাপৰ, আৰু শাসনকাৰ্য্যৰ গতি-বিধিও হয় তেনেকুৱা । গণতন্ত্ৰৰ যুগত প্ৰজাৰ মঙ্গল নিৰ্ভৰ কৰিছে নাগৰিকৰ অভিমতৰ ওপৰত, নাগৰিকসকল নৈতিক আদর্শত উন্নত নহলে গণতন্ত্র ভেকো- ভাৱনাত পৰিণত হোৱা স্বাভাবিক। নাগৰিকে ভোটৰ সহায়েৰে সংসদৰ সদস্য নিৰ্ব্বাচিত কৰে, সদস্যসকলে মন্ত্ৰীসকলক ভর দি তেওঁলোকৰ দ্বাৰাই যাবতীয় শাসন-কাৰ্য চলায়। নাগৰিকসকলে গহীনভাৱে সকলো কথা ভাবি-চিন্তি যদি উপযুক্ত মানুহক সদস্য বাটি পঠিয়ায় তেনেহলে দেশৰ শাসনভাৰ উপযুক্ত মন্ত্ৰীৰ হাতত পৰিব । স্বায়ত্ব-শাসনৰ প্রথম খাপ হৈছে ভোট দান । এই প্রথম খাপতে যদি কেৰোণ লাগে তেনেহলে দেশৰ শাসন- কাৰ্য্য চলাবৰ কাৰণে উপযুক্ত শাসকৰ অভাৱ ঘটিব, আৰু নৈতিক বলত বলীয়ান নহলে অন্যায়াতে দেশ-শাসনৰ কথা চকুত পৰিলেও সদস্যসকলে মাত মাতিবলৈ সাহ নকৰিব । প্ৰজাৰ মঙ্গলেই হৈছে শাসনৰ একমাত্ৰ উদ্দেশ্য —এই আদৰ্শত স্থিৰচিত্ত হৈ থাকিবলৈ হলে মনত নৈতিক বলৰ প্ৰয়োজন । এই নৈতিক বলৰ প্ৰেৰণা দিব পাৰে অকল সাহিত্যই। নহলে, সংসদ-সদস্যেৰে উভৈনদী হলেও ৰাইজৰ মঙ্গল সাধন নোহোৱাকৈ থাকিব পাৰে ৷ সেইদেখি গণতন্ত্ৰৰ যুগত সজ সাহিত্যৰ প্ৰচাৰ