পেলাব পাৰিব । অসমীয়াই যাতে এই কথাষাৰ হৃদয়ঙ্গম কৰিব পাবে, যাতে তাৰ ফলত অসমীয়াৰ আত্মসম্ভ্রম বৃদ্ধি হয় আৰু অসমীয়াৰ প্ৰতি অনা-অসমীয়াৰ শ্ৰদ্ধা সৃষ্টি হয় তাৰ কাৰণে সাহিত্য সভাই ঐকান্তিক চেষ্টা কৰাটো যুগুত ৷
অসমীয়াৰ স্বাধীনতা যুগৰ অৱসান হোৱাত অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত মাধ-মাৰ পৰিল । সাহিত্যৰ পৃষ্ঠপোষক ৰজা কুঁৱৰী বিষয়াসকল অন্তর্দ্ধান হল । তেওঁলোকৰ ঠাইত আহিল বিদেশী শাসকবৃন্দ আৰু দলে-দলে বিদেশী কৰ্ম্মচাৰী- সকল । অসমীয়া ভাষা যেন কোনো ভাষাই নহয়, ই মাথোন বঙ্গালীব অপভ্রংশ, আদালত পঢ়াশালীত এই ভাষাক প্রচলিত কৰাৰ কোনো সকাম নাই,—এই ধৰণৰ বুজনি পোৱাত নতুন শাসকসকলে অসমীয়া ভাষাৰ মূলোচ্ছেদ কৰিবলৈ সাজু হল। তাৰ প্ৰতিবাদ কৰিছিল অসমত থকা আমেৰিকান মিছনেৰী- সকলে আৰু কেজনমান দেশপ্রেমিক অসমীয়াই । বহুবছৰ আন্দোলনৰ পাচত অসমীয়া ভাষা স্বতন্ত্র বুলি স্বীকৃত হল ।
কিন্তু বিদেশীয়ে প্ৰৱৰ্ত্তন কৰা শিক্ষা-পদ্ধতি অনুসাৰে ভাৰতীয় ভাষা আৰু সাহিত্যত—তাৰ লগে লগে অসমীয়া ভাষা আৰু সাহিত্যত—কিবা যে মূল্যবান সম্ভাৰ আছে এইটো কোনেও স্বীকাৰ নকৰিলে । বিশ্ববিদ্যালয়ৰ পৰীক্ষাবোৰত ভাৰতীয় ভাষাই যৎসামান্য ভাবেহে ঠাই পাবলৈ ধৰিলে। এনেহে অনুমান হল যেন মানবৰ চৰম উৎকৰ্ষ হৈছে ইউৰোপীয় সাহিত্যত, আৰু প্ৰাচ্যৰ সাহিত্য-সম্পদ আলমাৰীৰ এটা থাকত আবদ্ধ কৰিব পাৰি। ভাৰতীয় ভাষা আৰু সাহিত্যক মানুহে ইমান