সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
ত্রিপদী

বিকৰ্থনা কৰিছিল,—“পৃথিবীৰ ওপৰত স্বৰ্গদেৱ হৈছে, মোৰ বাই তোৰ জেশাহুৱেৰ, তেও যে এনে কৰ্ম্ম কৰ, লাজ-কাজ ধৰ্ম্ম- মৰ্য্যদা ক'ত থলি ?”

 অসমৰ কেবাজনা কোঁৱৰ কোচ ৰজা নৰনাৰায়ণৰ তাত ওলৰূপে বন্দী হৈ আছিল, তেওঁলোকৰ প্ৰত্যেকৰে যুৱত অৱস্থা, সংসাৰৰ নিম্নমমতে তেওঁলোকৰ এই বয়সত লৰা-তিকতাৰ সৈতে ঘৰ-গৃহস্থী কৰি খোৱাৰ সময় ৷ সেইদেখি চিলাৰায়ৰ পটেশ্বৰী- সকলে গিৰিয়েকক কলে – “অসম ৰজাৰ চাৰিটা কোঁৱৰ আনি বন্দী কৰি থৈছা ৷ ইহঁতো ৰূপে-গুণে যুবা অৱস্থা হৈছে। এতেকে ইহঁতক স্বদেশলৈ বিদায় দিয়ক।” পটেশ্বৰীসকলৰ অনুৰোধ মতে কিবা এটা চেলু উলিয়াই বন্দী কোঁৱৰ কেজনক অসমলৈ পঠিয়াই দিয়া হল ।

 শৰাইঘাটৰ যুদ্ধৰ দিনা সেনাপতি লাচিত ফুকন নবীয়া পৰাত উত্তৰ পাৰৰ এভাগ সৈন্যই যুদ্ধজয়ৰ আশা এবি বণথলী এৰি যাবলৈ উপক্ৰম কৰিছিল। এনে অৱস্থা দেখি নবা হাজৰিকা নামে সেনাপতি এজনে অশ্বক্রান্তত স্বৰ্গদেৱৰ শৰণ দি ৰাইজৰ ফালে চাই চিঞৰি কলে, – “ৰাজ্য অই, সুণীয়া কাঁহীত বিহ ঢালিব খুজিছ যদি ভাগ।” অসমীয়াৰ স্বাৰ্থত জলাঞ্জলি দি কোনোবাই দেশব অনিষ্ট সাধিবৰ উদ্যম কৰিলে অসমীয়াই যেন তেওঁক নৰা হাজৰিকাৰ কথাষাৰি সোৱঁৰাই দিয়ে, “ঐ, সুণীয়া কাহীত বিহ ঢালিব খুজিছ যদি ভাগ ।”

 উচ্চ মনোবৃত্তি আৰু ঐকান্তিক দেশপ্রেমৰ বতাহ-পোহৰ নাপালে স্বাধীনতা-বৃক্ষ কেতিয়াও জীয়াই থাকিব নোৱাৰে ৷