সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
অসমীয়া সাহিত্য আৰু কৃষ্টি

হেন শঙ্কৰে পাব্বতীতে কহিছে, আৰু সেই কালৰ লোকে ঠাই ঠাই ঈশ্বৰ শক্তি দেখিলা, তাক বংশাৱলীত বৰ্ণনা কৰিছে । ষাড়ক মৰ্দি লোকৰ ভয় দূৰ কৰিলা । চিহ্নযাত্ৰা কৰি লোকক ঈশ্বৰভাৱ দেখায়া হৰিত শৰণ কৰিলা । টেমনীয়া বান্ধি লোকৰ দুখ দূৰ কৰিলা । পণ্ডিতসৱকো বাদে জিনি গীতা ভাগবত শালগ্রাম শৰণ ভজন ভক্তি লোকত প্ৰচাৰ কৰিলা ৷ ভাগৱত শ্লোক ভাঙ্গি পদ-পয়াব নাট-গীত ভটিমা গুণমালা লীলামালা এরমাদি গ্রন্থসৱ কৰি লোকসৱক হৰিত দৃঢ়মতি কৰাইলা ৷

 “এতেকে তাক শূদ্র বুলি যি অমান কবে সি অৱশ্যে অধোগতি যাইব । শিশুপালে গোপৰ ছৱাল বুলি অসূয়া পৰক্ৰিয়া কৰি ৰাজসভাত অনেক নিন্দা বুলিলা, আপোনাৰ আয়ু-শ্ৰী নাশ কৰিলা । যেহেন শিলাত মুষ্টি হানিলে আপুনি দুখ পায়, তেমনে সন্তক নিন্দিলে আপুনি অধোগতি যায় ৷ “বুলিবা যদি ঈশ্বৰ হয় তেনে অনিত্য শৰীৰ কিয় ধৰা ? তাক কওঁ শুনা, ব্রহ্মাৰ কি বিভাগ আছে ? এতেকে কাৰ্য্যৰ নিমিত্তে শূকবাদি জন্মও ধৰে। তেবে কি ঈশ্বৰ নোহে ? শূদ্র- কুলে জাত হৈবাৰ অভিপ্ৰায় আছে। সত্যযুগে হৰিভক্তিৰ পথ কেৱলে ব্ৰাহ্মণে মাত্র বাখিলা । ই তিনি জাতিয়ে ৰাখিব নাপাৰিলে। ত্রেতাযুগত খেত্রিয় ব্রাহ্মণ দুয়ো বাখিলে। দ্বাপৰত ক্ষেত্রিয়ে বৈশ্যে ৰাখিলে। কলিযুগত ই তিনি জাতিয়ে হবি- ভক্তি ৰাখিতে নাপাৰিলে ৷ বেদব বশ্যকৰ্ম্মে বদ্ধ হৈল। শূদ্রসৱ হৰিভক্তি-পাত্ৰ হৈল ৷ আকে দ্বাদশ স্কন্ধ শ্ৰীভাগৱতত কহিছে