সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৯

অসমীয়া সাহিত্য আৰু কৃষ্টি

“মাধৱৰ ৰঙ্গা দুয়ো চৰণে ধৰিয়া ।
হৰিনাম ৰস পিৰো আঁজলি ভৰিয়া ॥”

“কালীজল কলীয়া
নৰসিংহ ৰূপ ধৰি
কিকৈ হলা ভৱনদী পাৰ ।
সৰ্পে আছে বেৰিয়া,
হিৰণ্যক বৰ কৰি
গকুলত কৃষ্ণ অৱতাৰ ॥”

 এনে সবল সুরুচিপূর্ণ ভাষা অশিক্ষিতা আইসকলৰ মুখে আন ক'ৰবাত ওলায় নে ?

 এই যুগত, বামায়ণ মহাভাৰত পুৰাণ আদিব কথা আমাৰ দেশত ইমান ৰাষ্ট্ৰ হৈ পৰে যে সাধাৰণ অশিক্ষিত খেতিয়ক মানুহেও হিন্দু দেৱ-দেৱতাৰ মহিমা আৰু মহাকাব্য পুৰাণৰ কাহিনীবোৰ জানিবলৈ ধৰে । এনে বিস্তৃত জনশিক্ষা বোধ কৰোঁ ভাৰতব কোনো ৰাজ্যত হোৱা নাছিল। মাথোন ইউৰোপৰ বিগেইছেন্‌ছৰ যুগত এই সৰ্ববব্যাপী জনশিক্ষাৰ আভাস পোৱা যায়, যাৰ ফলত সামান্য ৰণুৱায়ো মহাবীৰ আলেকজেণ্ডাৰৰ কথা আলোচনা কৰিবলৈ সক্ষম হৈছিল। এই জনশিক্ষাই অসমৰ প্ৰজাক শুৰুচিপূৰ্ণ আৰু পৰিমাৰ্জ্জিত কবি থৈ গৈছে ৷ অসমত নামকীৰ্ত্তনৰ মহিমা শুনি আতঙ্কিত হৈ ৰাজপুতনাৰ পৰা অম্বৰাধিপতি ৰামসিংহলৈ তেওঁৰ মাক আৰু ঘৈণীয়েকে সতর্কবাণী লিখি পঠিয়াইছিল, – “আমি শুনিছোঁ সিদেশত নামকীর্তন অনেক প্ৰকাশ হৈ আছে। এনেদেশ মাৰিলে তাৰ পৰিণাম কি হব তুমি জানা ৷ এই দেশ মাৰি