সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৩

অসমীয়া সাহিত্য আৰু কৃষ্টি

কোৱা কথাখিনি চিৰকাল মনত ৰাখিব লগীয়া,— “নানা দেশৰ নানা জাতিৰ নানা পৰিয়ালৰ আৰ্য্য অনাৰ্য্য মানুহ অসমলৈ আহি অসমত দীর্ঘকাল বাস কৰি অসমীয়া হৈছিল । আৰু এইদৰেই পিচৰ কালডোখৰতো, আন কি আজিলৈকে অসমীয়া জাতিৰ বৰজালখন গোথা হৈ আহিব লাগিছে । কনৌজীয়া, হিন্দুস্থানী, পঞ্জাবী, বঙ্গালী, উড়িয়া, নেপালী, গুজৰাটী আদিৰ পোহ পৰি অসমীয়া জাতিৰ কলেবৰ দিনক্‌দিনে বৃদ্ধি হোৱাটো কোনে নাজানে ? কত বিজয়ী আহোম বংশব মানুহ, কত চিংফৌ, মৰাণ, নগা, মিকিৰ, মিৰি, ডফলা, গাৰো লাহে লাহে হিন্দুধৰ্ম্ম আৰু হিন্দুৰ প্ৰভাৱৰ ভিতৰলৈ আহি কোচ, কেওট আদি জাতিৰ ভিতৰত সোমাই চিন-নাইকিয়া হৈ একেবাৰেই অসমীয়া হিন্দু হৈ অসমীয়া জাতিক হৃষ্ট-পুষ্ট বলিষ্ঠ কৰিছে, তাৰ সীমা-সংখ্যা নাই; এইদৰে মুছলমানৰ অসম আক্ৰমণৰ কালৰ পৰা অনেক বিদেশী মুছলমান আহি অসমত বাস কৰি অসমীয়া জাতিৰ সংখ্যা আৰু বল বৃদ্ধি কৰিব লাগিছে।” মহাপুৰুষ শঙ্কৰদেৱৰ উদ্ভাবিত আৰু প্ৰচাৰিত ভাগৱতী ধৰ্ম্মৰ মৃদু নিমন্ত্ৰণত জনজাতিসকল কেনেকৈ অসমীয়াৰ বুকুত চিৰকাললৈ লীন হৈ পৰিছে তাৰ কাহিনী অতি উদাৰতা- সম্পন্ন, শিক্ষাপ্ৰদ আৰু উদগনিমূলক ।

 পণ্ডিতসকলে শ্ৰীমন্ত শঙ্কৰকে কেন্দ্ৰ কৰি অসমীয়া সাহিত্যৰ কেবাটাও যুগ নিৰূপণ কৰিছে, আৰু সেই বিষয়ে যথেষ্ট গৱেষণাও চলিছে। তাৰ পুনৰুক্তি কবি অভিভাষণ দীঘলীয়া কৰাৰ অভিপ্ৰায় আমাৰ নাই । ৰাজনৈতিক দৃষ্টিভঙ্গিৰে চালে