সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩০

ত্রিপদী

কথাতহে আমাৰ মনত অধিক দুখ লাগিছে, আৰু তোমাৰ আমাৰ প্ৰীতি নতুন নহয়, পূৰ্ব্বাৱধি চলি আহিছে।” এই চিঠি হৈছে প্ৰায় তিনি-শ বছৰৰ পূৰ্ব্বৰ কথা, কিন্তু অসমীয়া খাচী আক জয়ন্তীয়া ভাই-ভনী সকলোৰে অন্তৰত চিৰকাল প্রতি- ধ্বনিত হৈ থাকিব, – “জয়ন্তা আৰু গড়গাওঁ দুই নহয় । তোমাৰ আমাৰ প্ৰীতি নতুন নহয়, পূৰ্ব্বাৱধি চলি আহিছে।” এই খিলঞ্জীয়া প্রীতি যাতে উত্তৰোত্তৰ বৃদ্ধি পায় তাৰ কাৰণেহে আমি সকলো প্ৰকাৰে চেষ্টা কৰিব লাগিব ৷

 খাচী আৰু জয়ন্তীয়াসকলৰ বাহিৰেও অসমৰ অন্তৰ্গত আৰু ইয়াৰ দাঁতিকাষৰত থকা অন্যান্য আদিবাসীৰে সৈতে আমাৰ চিৰকলীয়া মিত্ৰ সম্বন্ধ । তেওঁলোকৰ প্ৰায় সকলোৱেই সুদুৰ অতীতৰ পৰা অসমত বাস কৰিছে, আৰ্যসকল পাচতহে আহিছে, সোমাইছে । দুয়োৰে ভিতৰত হোৱা আদান-প্রদানে পৰস্পৰৰ সামাজিক আৰু অর্থনৈতিক জীৱনত প্ৰভাৱ বিস্তাৰ কবি আহিছে। অসমীয়া ভাষাৰ শব্দ-সম্পদ, অসমীয়া সমাজ- নীতির উদাৰতা, অসমীয়া নৃত্য-গীতৰ বহুমুখী উৎস, এই সকলো ক্ষেত্ৰতে আদিমবাসীসকলৰ সৈতে সংসর্গৰ প্ৰভাৱ পৰিছে। যুদ্ধ-বিগ্রহ আদিত তেওঁলোকৰ ক্ষত্ৰশক্তি অসমীয়াৰ একান্ত লাগতিয়াল আছিল। তেওঁলোকক দেখা পালে আমি ‘মিতা' বা মিত্ৰ বুলি সম্বোধন কৰোঁ। তেওঁলোকৰ বহুত মানুহ অসমৰ হিন্দুসমাজত অন্তর্ভুক্ত হৈছে । তেওঁলোকৰ আলমত এটি বৃহৎ অসমীয়া জাতিৰ সৃষ্টি হৈছে। এওঁলোক আমাৰ বুকুৰ বান্ধৈ, গাৰ মঙ্গহ, এওঁলোকক এৰি আমি