জনে জীৱনৰ কাৰ্যাৱলীক এক নির্দিষ্ট উদ্দেশ্যৰ মালাৰে সংযুক্ত কৰিবলৈ বিচাৰে, আৰু যাউতি-যুগীয়া সমাদৰৰ কাৰণে সম্বল থৈ যাবলৈ চেষ্টা কৰে ।
ছিলং আৰু তাৰ ওচৰৰ গাওঁসমূহৰ আদিম বাসিন্দা হৈছে আমাৰ ভাই-ভনী খাচী আৰু জয়ন্তাসকল ৷ তেওঁলোকৰ বাজ্য আৰু আমাৰ ৰাজ্য অতীজৰে পৰা লগালগি। বাণিজ্যৰ কাৰণেই হওক বা অন্যান্য সূত্রেই হওক, তেওঁলোকৰ লগত প্রাচীন কালৰে পৰা আমাৰ অহা-যোৱা চলি আহিছে। তেওঁ- লোকৰ বস্ত্ৰসম্ভাৰ ঘাইকৈ অসমীয়াই যোগান দি আহিছে। খৈৰামী আৰু জয়ন্তা ৰজাৰ দূত অসমলৈ গলে তেওঁলোকক যিদৰে আদৰ-অভ্যর্থনা কৰা হৈছিল তাৰ সাঙ্গোপাঙ্গ বিৱৰণ অসমীয়া বুৰঞ্জীৰ পাতত আজিলৈকে সংৰক্ষিত হৈছে। মোগলৰ সেনাপতি নবাব মীৰজুমলাই অসম আক্ৰমণ কৰি উভতি যোৱাৰ পাচত জয়ন্তীয়া ৰজা আৰু তেওঁৰ তলতীয়া নৰ্তঙ্গীয়া ৰজাই অসমৰ স্বৰ্গদেৱলৈ লিখি পঠিয়াইছিল—“আমি শুনিছোঁ মোগলে আহি তোমাৰ ৰাজ্য আক্ৰমণ কৰিলে, এই বার্তা তুমি আমালৈ নিদিলা কিয় ? জয়ন্তা আৰু গড়গাওঁ দুই নহয় । তোমাৰ দেশ নামাৰিছে যেন আমাৰ দেশহে মাৰিছে, আমাৰ মনত এনে দুখ লাগিছে ৷ আমাৰ দুজন মানুহ বঙ্গালৰ হাতত পৰা বুলি তুমি লিখিছা । দুজন কিয়, তোমাৰ কাৰণে দহ- বিছ হেজাৰ মানুহ পৰিলেও আমাৰ অসন্তোষ নাছিল । তোমাৰ দেশ বঙ্গালে মাৰিলে আমি কুশলে বহি আছিলো, হুকুম নকৰিলোঁ দহ-বিছ হেজাব মানুহ আমাৰ নগ'ল, এই