সংকল্পৰ বাকীখিনি কাম সমাধা কৰিব পাৰিলে সাহিত্য সভাৰ
খ্যাতি আৰু সমৃদ্ধি দুয়ো বাঢ়িবৰ আশা ৷ অধ্যাপক বাণীকান্ত
কাকতিদেৱৰ লোকান্তৰত অসমীয়াই এজন একনিষ্ঠ সাহিত্য-
সেৱক আৰু ভাষাবিদ পণ্ডিত হেৰুৱালে । অসমীয়া ভাষাৰ
উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে বৈজ্ঞানিক ভাৱে গ্ৰন্থ লিখি
কাকতিদেৱে এই ভাষাক স্বতন্ত্র ভাষাৰূপে প্রতিষ্ঠিত কৰি গ'ল ।
কাকতিদেৱৰ সমালোচনা পদ্ধতি ভবিষ্যত লিখকসকলৰ কাৰণে
আদর্শ হৈ থাকিব। অসমৰ ঐতিহাসিক উপাদানৰ প্ৰতি
পোনপ্রথমে চকু মোকলাওঁতা চাব এডোৱাৰ্ড গেইটৰ মৃত্যুত
অসমীয়াই এজন পৰম উপকাৰী বন্ধু হেৰুৱালে । অসমীয়া
সাহিত্য আৰু শিক্ষা এই দুয়ো বিষয়তে অগ্রগামী উপেন্দ্রনাথ
বৰুৱাদেৱৰ মৃত্যুত অসমৰ পূৰ্বৰ যুগৰ শেষ বন্তি নুমুৱাৰ নিচিনা
হ'ল। এওঁলোকে কোন কোন ক্ষেত্ৰত কি কি কৰি গ'ল সেই
বিষয়ে বিশদ আলোচনাৰ সূত্রপাত হলে ভবিষ্যৎ যুগৰ অসমীয়াৰ
সাহিত্য-সেৱাৰ কাৰণে উদগনিৰ সম্বল হব ।
ছিলং চহৰত সাহিত্য সভাৰ অধিবেশন বহা এয়ে প্রথম। ৰাজনীতিৰ কেন্দ্ৰ বুলি ছিলং চহৰে খ্যাতি লাভ কৰিছে, কাৰণ ই অসমৰ ৰাজধানী আৰু ইয়াতে বিধান সভাৰ অৱস্থিতি । কিন্তু ৰাজধানীত সাহিত্য-সেৱাৰ উদ্যোগ প্রতিষ্ঠা কৰাৰ বাটত কোনো প্রতিবন্ধক নাই, কাৰণ ইয়াতে৷ সাহিত্যৰ চিৰসম্ভাব অন্তৰৰ সুখ-দুখ, আশা-নিৰাশাৰ খলকনি অবৰ্ত্তমান নহয় । আগৰ দিনত অসমৰ ৰাজধানী গড়গাওঁ নগৰ সাহিত্য সাধনাৰ কেন্দ্রভূমি আছিল। স্বৰ্গদেৱ, ডাঙ্গৰীয়া, ফুকন, বৰুৱা এই-