তাৰ ফলত অসমীয়া জাতি আত্মসম্ভ্রমৰ পোহৰত উজ্জ্বল হৈ উঠিব । একপ্ৰকাৰে কবলৈ গলে অসমীয়াৰ উন্নতিৰ উপায় এই সভাতে নিহিত আছে, আৰু অসমীয়াৰ জীৱন-মৰণ নিৰ্ভৰ কৰিছে এই সাহিত্য সভাৰ কল্যাণ-অকল্যাণৰ ওপৰতেই । সেইদেখি এই অনুষ্ঠান অসমীয়াৰ কেন্দ্ৰীভূত চেনেহৰ বিশুদ্ধ সম্পত্তি, ইয়াক অসমীয়াই জীৱন গলেও বুকুৰ বান্ধোনৰ পৰা আঁতৰাই পেলাব নোৱাৰে। এনেহেন অনুষ্ঠানৰ উন্নতিকল্পে সময় আৰু সুবিধা অনুযায়ী কিবা অকণমান কৰিব পাৰিলে নিজৰ জীৱন চৰিত্ৰাৰ্থ হব বুলি ভাবোঁ, সেইদেখি আজিৰ সভাই এই সুযোগ দিয়াৰ কাৰণে আপোনালোকৰ ওচৰত মই পুনৰ নতশিবে কৃতজ্ঞতা জনাইছোঁ ৷
মাৰ্ঘেৰিটাত হোৱা ২১-তম অধিবেশনৰ পাচত যিসকল সাহিত্যসেবী আৰু সাহিত্যব হিতাকাঙ্ক্ষী পুরুষে আমাক চিব- কাললৈ এৰি থৈ গৈছে তেওঁলোকৰ কথা আমাৰ পোনপ্ৰথমে মনত পৰিছে। অসমৰ প্রধান মন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে ৰাজনীতি ক্ষেত্ৰত বিচক্ষণতা দেখুউৱাৰ উপৰিও সাহিত্যৰ এজন নীব্ৰ সেৱক আছিল । আদৰ্শ মানৱ বুদ্ধদেৱ, যিশুখৃষ্ট আৰু হজৰত মহম্মদৰ জীৱনচৰিতে তেওঁৰ সাহিত্য- সেৱাৰ পৰিচয় দিছে । ৰাধাকান্ত সন্দিকৈ ডাঙ্গৰীয়াৰ অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ সকলোৰে জনাজাত । তেখেতৰ দানৰ সহায়েৰে নিৰ্ম্মিত চন্দ্ৰকান্ত সন্দিকৈ মন্দিৰত নিজ কৰ্ম্মচ’ৰা পাতিবলৈ সুবিধা পাই সাহিত্য সভাই ঠন ধৰি উঠিছিল । তেখেতৰ সহায়তে চন্দ্ৰকান্ত অভিধান সংকলিত হয়। তেখেতৰ