ফঁহিয়াই দেখুৱা হব। বিদেশী সকলেও আমাৰ লোকসাহিত্যব বিভূতি-সম্পদ দেখি স্তম্ভিত হব । আজি ডেৰবছৰমানৰ পূৰ্বেৰ শ্রীদেবেন্দ্র সত্যার্থীয়ে গোটাচেৰেক অসমীয়া বিহুগীতৰ ইংৰাজী অনুবাদ শান্তি-নিকেতনৰ পৰা ওলোৱা ‘বিশ্বভাৰতী' আলোচনীত প্ৰকাশ কৰিছিল। বিলাতত থাকোঁতে কেইজনমান ইংৰাজ বন্ধুক এই অনুবাদখিনি দেখুৱাইছিলোঁ ; তেওঁলোকে একেনতে স্বীকাৰ কৰিছিল যে সবল আৱেগপূর্ণ প্ৰেমৰ উচ্ছ্বাস হিচাবে সেই গীতবোৰ গ্ৰীক্ কবি এনেক্রিয়ন, আৰু ইংৰাজ কবি ছেলি আৰু কী-অৰ কবিতাতকৈ কোনো গুণে হীন নহয় ৷
তৃতীয়।—অসমীয়াৰ মাজত প্ৰচলিত সকলো আইনাম আৰু বিয়ানাম সংগ্ৰহৰ প্রয়োজন হৈছে । এই নাম থকা দুখনি কি.. তিনিখনি সৰু-ডাঙৰ কিতাপ ওলাইছে, কিন্তু আমাক লাগে এখনি সুবৃহৎ সংগ্রহ, যাতে সকলো আইনাম বিয়ানাম তাত একেলগে পোৱা যায়। এইবোৰ নামৰ ভাষা সবল, সুন্দৰ আৰু মৰমলগা, আৰু তাৰপৰা অসমীয়া নাৰীৰ আশা-আকাঙ্ক্ষা, সবলতাসনা লাহ-বিলাহ, আৰু ঘৰুৱা জীৱনৰ সুস্পষ্ট আভাস পাব পাৰি ৷ আইনাম আৰু বিয়ানামৰ ভাব লব লাগিব আমাৰ কোনো এগৰাকী আইদেও ছাত্রীয়ে, কাৰণ এই নাম আমাৰ আইদেও আইমাতৃ আয়তীসকলৰ এহাশুধীয়া স্বতন্ত্র সম্পত্তি। স্ত্রী-শিক্ষাৰ উদ্দেশ্য হৈছে যাতে দেশৰ হিতকৰ কামত নাৰীয়ে পুৰুষে একেলগে যোগ দিব পাৰে। অসমীয়া সাহিত্যব উন্নতি কল্পে অনুষ্ঠিত এই উদ্যমত আমি আইদেওসকলক বাদ দিব নোৱাৰোঁ ৷