সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
সাহিত্যৰ মূলকথা

উচ্চশিক্ষাৰ পুঁজি টনকিয়াল কৰিব পৰা যাব । প্রত্যেক প্রবন্ধ লিখকে অনুমান কৰি লব লাগিব যে তেওঁৰ প্ৰবন্ধৰ কাল্পনিক পাঠক হব শ্ৰীযুত মাটিৰাম গাওঁবুঢ়া আৰু মৌলবী ইয়ু ছুফ আলি গাওঁবুঢ়া ৷ গতিকে প্ৰবন্ধৰ ভাষা এই দুজনৰ উপযোগী হব লাগিব ৷

 দ্বিতীয়।—অসমীয়া বিহুগীতবোৰ সংগ্ৰহ কৰাৰ দিন আহিল । আগেয়ে বিহুগীতক মানুহে ইমান ভাল চকুৰে নাচাইছিল, কিন্তু বর্তমানে দেশপ্রেম ভাৱৰ জাগৰণ হোৱাত সেইবোৰ গীতৰ প্ৰতি নগৰীয়া শিক্ষিত সমাজৰো মৰম সোমাইছে, আৰু সভায় - সমিতিয়ে সেইবোৰে স্থান পাইছে। বিহুগীত অসমীয়াৰ বুকুৰ তেজপৰা ওলোৱা বস্তু । তাৰ ভাষা অসমীয়াৰ প্ৰাণৰ ভাষা, কোনো সভাত তাব ভাব অসমীয়াৰ হাড়ে-মগজুৱে গঁথা । মেঘমল্লাব, বাগেশ্রী আদি উচ্চবৰ্ণৰ ওস্তাদী সুবৰ গান গালে সমজুৱাই শুনি বং পায়, কিন্তু বিহুগীত এফাকি গালে বা এপাক বিহুনাচ নাচিলে অসমীয়া সমজুৱাব মনপ্ৰাণ ৰঞ্জিত হৈ উঠে । দুখন কি তিনিখন বিহুগীত সংগ্ৰহৰ পুথি ছপা হৈ ওলাইছে ; কিন্তু আমাক লাগে সৰহকৈ বিহুনাম থকা পাঁচ-শ পিঠি মানব এখন কিতাপ, যাতে অসমীয়া ডেকা-গাভৰুৰ প্ৰেমৰস-পৰিপূৰ্ণ হিয়াৰ বিবিধ হেন্দোলনিৰ অস্পষ্ট ছবি তাত পাব পাৰি ৷ অসমীয়া কবিতাত জাতীয় প্রাণ আৰু জাতীয় বচনভঙ্গীৰ সাঁচ বহুৱাবলৈ এই বিহুগীতবোৰ বিশেষ কাৰ্যকৰী হব। গ্ৰন্থৰ ইংৰাজী আৰু অসনীয়া পাতনিত বিহুগীতৰ মাদকতা, তীব্রতা, সৌন্দৰ্য আৰু তাত নিহিত থকা অসমীয়া জাতীয়ত্বৰ কথা