সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
ত্রিপদী

এৰি থৈ গুচি গল।” বিক্ৰমনাৰায়ণ সিংহই ভাল পাবনে বেয়া পাব তাৰ বিষয়ে করিয়ে ভাবিব নালাগে, কাৰণ তেওঁৰ উদ্দেশ্য হৈছে বিশ্বাসঘাতকতাক নিন্দা করা, যাতে সমাজত তেনে কাম কৰিবলৈ আনো আগলৈ কুণ্ঠিত হয়। হিবুদ্ধিৰ ওভতনি সোঁতত হয়তো বিক্রমনাৰায়ণেও আগলৈ স্বীকাৰ কৰিব যে তেওঁৰ লোভ-প্রণোদিত মোট-সলনি অমার্জ্জনীয় আৰু গৰিহণাৰ যোগ্য ।

 একনিষ্ঠ দেশসেৱকক অঞ্জলি দিবলৈ কবিয়ে পাহৰিব নালাগে ; সেই দেশসেৱকজন শত্রুপক্ষৰ ভুল-বুজনিত ৰাইজৰ অপ্রিয়ভাজনো হব পাৰে ; সেইখিনি সময়ত কবিৰ পক্ষে সাহব প্রয়োজন হব; আতি-গুৰি মাৰি সকলো কথাৰ তলানলা লৈ যেতিয়া কবিয়ে ঠিৰাং কৰিব যে সেই দেশসেৱকজন নিস্বার্থ দেশপ্রেমিক, তেতিয়া তেওঁৰ গুণ কবিয়ে নিৰ্ভীকচিত্তে গোৱা উচিত। বহুযুগৰ পাচত বাইজে উপলব্ধি কৰিব যে সেই দেশ- সেৱীৰ বিষয়ে সমসাময়িক ৰাইজৰ মত ভুল, কবিৰ বাণীতহে সত্য নিহিত আছে ৷ কবিৰ পাঠকবৃন্দ অকল সমসাময়িকসকল নহয়, তেওঁৰ বাণী যুগ-যুগান্তৰ কাৰণে ৰচিত হয় । এইদৰে যুগান্তৰ বাণী যুগুত কৰিবলৈ হলে কবিৰ চিত্ত নিৰ্ভীক হব লাগিব । সাহিত্য শব্দৰ অৰ্থ অইনে আনপ্ৰকাৰে কব, আমি কওঁ সাহেই সাহিত্য ।

 প্রত্যেক সাহিত্যিক চিন্তাশীল আৰু সত্যগ্রাহী হব লাগিব । তেওঁৰ অভিজ্ঞতাৰ চকৰিত পৰা সকলো দৃশ্য আৰু ঘটনাব ভিতৰুৱা তাৎপৰ্য উলিয়াবলৈ তেওঁ চেষ্টা কৰিব লাগিব । এই