সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাহিত্যৰ মুলকথা


অসমীয়াৰ সুখ-দুখ, আশা-নিরাশা আৰু ইঁহা-কন্দাৰ ছবি ফুটাই তুলিব পাৰিলেই সি বিশ্বসাহিত্যত ঠাই পাব । তাৰ কাৰণে নায়ক-নায়িকা ৰজা-ৰাণী, সেনাপতি-সেনানায়িকা, দেশনেতা- দেশনেত্রী হবৰ সকাম নাই । আমাৰ খাৰখোৱা হোজা অসমায়া মাটিৰাম মেধি আৰু মালতী আইদেওৰ সুখ-দুখপূর্ণ প্রণয়- কাহিনীতো বিশ্বসাহিত্যৰ বিপুল সম্বল আছে। ৰোমিও জুলিয়েট ইটালীৰ অন্তৰ্গত ভেবনা নগৰীৰ এজোৰা ডেকা- গাভৰু ৷ তেওঁলোকৰ সুখ-দুখৰ কাহিনী গোটেই জগতৰ সম্পত্তি, কারণ, জগতৰ আন আন ডেকা-গাভৰুৰো তেনে অৱস্থাত একেধৰণৰ মনোভাৱ, হা-হুমুনিয়া আৰু অদমনীয় বাসনা । অসমীয়া মাটিৰাম আৰু মালতীৰ প্রেম-কাহিনীও তেনেদৰে পৃথিবীৰ সম্পত্তি ।

 য'ত সুখ-দুখ হাঁহোন-কান্দোন আদি সার্বজনীন ভাবৰ সমাবেশ সেয়ে বিশ্বসাহিত্য। অসমীয়া নৰ-নাৰীৰ অন্তৰতো সেইবোৰ সাৰ্ব্বজনীন ভাবব ঘাত-প্রতিঘাত পূৰ্ণপয়োভৰে চলিব লাগিছে। দুখীয়াৰ দুখ বর্ণনা সাহিত্যৰ এটা প্ৰধান অঙ্গ। কিন্তু উকাকৈ হাড়-ছাল মাত্র দি বর্ণনা কৰিলে নহব। দুখ-দাৰিদ্ৰ্যৰ সৰুসুৰা দৈনন্দিন অভিব্যক্তি আৰু দুখীয়াৰ মনস্তত্ত্ব আদি ভালকৈ বিশ্লেষণ কৰি দেখুৱাব লাগিব, আৰু তাৰ কাৰণে ন-ন ঘটনা সৃষ্টি কৰিব লাগিব । প্রতাপী আৰু ক্ষমতান্তৰ তাড়নাত দুৰ্বল মানুহ পেপুৱা লগাৰ কথা পৃথিবীৰ সকলো ঠাইতে দেখা যায়, অসমতো বিবল নহয়। উৎপীড়িত মনোভাৱ নিখুঁতকৈ দেখুৱাব পাৰিলে সিও বিশ্বসাহিত্যৰ অঙ্গীভূত হব। আশাভঙ্গ