সকলে যেন ক্ষমা কৰে। সৰুৰেপৰা মই যি পঢ়িছোঁ বা দেখিছোঁ
প্রতি কথাতে অসমীয়া সাহিত্য, সভ্যতা আৰু অসমীয়াৰ উন্নতিৰ
পোনে মোৰ আপোনা-আপুনি মনত পৰি যায় । ভাল কবিতা,
নাটক বা গল্প আদি পঢ়িলে মনত খুন্দিয়াবলৈ ধৰে, “এই
কবিতাটি বা আখ্যানটি অসমীয়ালৈ ভাঙ্গিলে বা অসমীয়া সাজত
সজালে কেনে ভাল হয়!” কোনো বিষয়ৰ আলোচনা বা
বুৰঞ্জী থকা কোনো ভাল বিদেশী গ্রন্থ পঢ়িলে মোৰ মনত
খেলায়,—“আমাৰ দেশৰো সেই একে বিষয়ৰ এখন গ্রন্থ
থাকিলে কেনে ভাল হলহেতেন!” ক'ৰবাত উদ্দীপনামূলক
ঘটনা এটি পালে অসমৰ বুৰঞ্জীত তাৰ সদৃশ ঘটনা আছেনে নাই
তাৰ কথা ভাবিবলৈ ধৰোঁ৷ ইংৰাজ কবি ম্যাথিও আর্নল্ডৰ
“ছোৰাব এই্ ৰোষ্টম্” কবিতাটি পঢ়াওঁতে ছাত্ৰসকলক
কৈছিলোঁ,—‘এই বোষ্টমে অকল ছোবাবকে বধ কৰা নাছিল,
বোষ্টমে কামৰূপৰ ৰজা সঙ্কলকো হত্যা কৰিছিল।” গীবনে
লিখা ৰোম সাম্ৰাজ্যৰ জীৱন-সন্ধ্যাৰ বুৰঞ্জীত পঢ়িছিলোঁ যে
পণ্টাচ ৰাজ্যৰ ষষ্ঠ নিথবিডাটিচ নামে ৰজাৰ আজ্ঞাবে এদিনৰ
ভিতৰতে চাৰিকুৰি হেজাৰ ৰোমান আৰু ইটালীয়ান মানুহ বধ
কৰা হয় । মোৰ মনত পৰিল হাজোৰ সমীপবর্তী আলাবৈৰ
যুদ্ধত একেদিনাখনৰ ভিতৰতে ৰজা ৰামসিংহৰ ৰাজপুত্ৰৰ হাতত
দহ হেজাৰ অসমীয়া সৈন্যই প্ৰাণ হেৰুৱাৰ কথা। এই মহৎ
ত্যাগৰ পৰিণাম স্বৰূপে দিনচেৰেকৰ পাচত অসমীয়া সেনাপতি
লাচিত ফুকনে শৰাইঘাটৰ পানীযুদ্ধত ৰামসিংহক মূৰ তুলিব
নোৱাৰাকৈ হৰুৱালে । ছাত্ৰসকলৰ আগত এই তুলনা দাঙি
পৃষ্ঠা:ত্ৰিপদী.pdf/১৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫
সাহিত্যৰ মূলকথা