অসমীয়া সাহিত্য আক কৃঠ্ি ঙ১
বিষয়ৰ উৎকৰ্ষৰ পাবিজাত পুপ্পেবে। আমাৰ উৎকর্ষ
আমি অসমীয়াই বিভিন্ন জাতিক বুকুত wate লব পাৰিছোঁ, কাবণ আমাৰ সমাজনীতি উদাৰ আৰু আমাৰ হৃদয় প্রশস্ত | প্ৰেম-অমৃতৰ নদীয়ে অসমীয়াৰ অন্তৰ প্লাবিত কৰিছে। 'অসমীয়াই ঘোষণা কৰিছে যে ভক্তিমন্ত পুৰুষহে প্রকৃত গুণৱন্ত, জন্ম আক এঁহিক Gtr তাৰতম্য হৈছে আকস্মিক আৰু খন্তেকীয়া |
অসমীয়াব পাণ্ডিত্যই দেশবিদেশব পণ্ডিতক মুগ্ধ কৰিছে, আৰু অসমীয়াৰ জ্ঞানস্পৃহা দেখি বিদেশীসকলো বিস্ময়ান্বিত হৈছে |
কৰ্ম্মক্ষেত্ৰতো অসমীয়া আগবণুরা। অসমীয়া গৃহস্থালি আক অসমীয়া গাওঁ-ভূইৰ দৰে চকুবোরা দৃশ্য, মুনিহ-তিকতাৰ বহুমুখী কা্ধ্য-কুশলতা, আক অসমীয়াৰ দৰে মাজিত গাৱলীয়া সমাজ পৃথিবীত ক'তো পাবলৈ নাই। সামাজিক আৰু বজাঘবীয়া'খেল-সংগঠনে অসমীয়াক চিৰকাললৈ একতাঁডোলেবে বান্ধি থৈছে। অসমীয়াৰ সমৰশক্তি ভুৱন-বিজয়ী বীৰসকলৰ আতঙ্কৰ বস্তু আছিল, যুদ্ধৰ কাৰণে অসমীয়াই গুৱাহাটাৰ উত্তবে-দক্ষিণে দেৱৰো-দুৰ্গন বিশ্বকৰ্ম্মা নিন্মিত হেন গড় সাজিব পাবিছিল ৷
ভক্তি, জ্ঞান আৰু কৰ্ম্ম, এই তিনি মাৰ্গৰ এনে স্থমধুৰ সংমিশ্রণ পৃথিবীত বিৰল । এই সংমিশ্রণেই হৈছে জগতৰ সভ্যতালৈ অসমীয়াৰ অভিনৱ অবদান |