অসমীয়া সাহিত্য আৰু কৃষ্টি ৫৭
যি ভাবতব প্রধান মন্ত্ৰ হৈছে পবসেরা, তাৰ এচুকত থিয় হৈ এই বিষয়ে সবহকৈ কোৱাটো অনাৱশ্যক। মুঠতে কব পাৰি যে মনুষ্য জীৱন অতি দুৰ্লভ, ইয়াৰ ভিতবতে পৰসেৱা নকবিলে দেৱতাই দিয়া ফুল এপাহি যেন দলিয়াই পেলোৱা হয়। প্রত্যেক অসমীয়াই উপলব্ধি কৰা উচিত যে সাহিত্য সভাৰ উন্নতি সাধন কবি আমি অসমীয়া একতা ডোলত বান্ধ খাই থাকিম, আমাৰ কৃতি আৰু সভ্যতাৰ সমৃদ্ধি দেশবাসী আৰু পবদেশবাঁদী সকলোৱে জানিব পাৰিব, আৰু সাহিত্য সাধনাৰ সহায়েৰে আমাৰ মনোভাৱ উচ্চ কৰিব পাৰিম, সেই উচ্চ মনোভাৱৰ সৌৰভ গোটেই জাতীয় জীৱনতে বিয়পি পৰিব। বিসকলে স্বাৰ্থসিন্ধিব অভিসন্ধিকে জীৱনৰ একমাত্ৰ কৰ্ম্মপন্থা বুলি ভারে তেওঁলোকক সমাজে চিনি পাবলৈ সৰহ পৰ নানাগে। এই স্ন্পবিত্ৰ সাহিত্য সভা অনুষ্ঠানত তেনে স্বাৰ্থামশ্বেষী মানুহৰ যেন হাট-বাট নহয়। Sle হন্তে সকলো সতর্ক সজাগ হৈ থকাটো উচিত৷ সাহিত্য সভাৰ নিয়ম-প্রণালী আচনি পৰি- কল্পনা সকলো বিশুদ্ধভাৱে বচিত হব পাবে, কিন্তু নিঃস্বাৰ্থ পুৰুষে ইয়াৰ দৈনন্দিন কাৰ্য্য পৰিচালনা নকবিলে সেই বচনাৰ পাবিপাট্য তুলাপাততে জাহ যাব। সেইদেখি আপোনালোকক অনুবোধ কৰো যেন চহৰত ফুবা চুৰিয়া কাপোৰ সলাই নিকা বস্ত্ৰ পৰিধান কবি এই সাহিত্য সভাব কীর্ভনঘবত প্রবেশ কৰে ৷ সাহিত্য সভাই কি কি কাম হাতত লোৱাটো উচিত তাৰ দাঁঘলীয়া তালিকা যুগুত কবা অতি সহজ। কিন্তু কাম হাতত লৈ তাক সম্পাদন কৰিব নোৱাৰিলে সাহিত্য সভা! হীহিয়াতৰ
কু