৪৪ ত্রিপদী
স্বাধীনতা যুগৰ অসমীয়া সাহিত্যত এটি বিশিষ্ট অঙ্গৰ বিষয়ে এইখিনিতে অলপ উনুকিওৱা উচিত। বৈষ্ণৱ সাহিত্যত অসমীয়াৰ আধ্যাত্মিকতা পূৰ্ণ বিকাশ হৈছে। কিন্তু জগতৰ ঘাত-প্রতিঘাতত বিকাশ cata মনোবৃত্তি লিপিবদ্ধ হৈ আছে অসমৰ বিপুল বজাঘৰীয়া সাহিত্যত। যি কালত ভাবতৰ অনেক বাজ্য পৰাধীন অৱস্থাত আছিল সি কালত অসমত স্বাধীনতাৰ বিজয় নিচান উবিছিল। এই স্বাধীনতাক অটুট ৰাখিবৰ কাৰণে দেশৰ শাসনকাধ্য স্থচাৰুবপে পৰিচালনাৰ ব্যৱস্থা কৰিবলৈ অসমীয়া জাতি বাধ্য হৈছিল; তাব হন্তে ইয়াত নানান বিষয়ৰ লাগতিয়াল গ্রন্থ লিখাৰ আৱশ্যক হৈছিল, তেনে আৱশ্যকতা পৰাধীন জাতিয়ে অনুভব নকবে, কাৰণ পৰাধীনতাৰ যুগত শাসনব জটিল সমন্তাবোবৰ সমাধান কবে ভিনদেশী বিজেতাই, পবাভূত জাতিৰ মানুহৰ পক্ষে সেই সমস্থাবোৰ “খায়নে কাণত পিন্ধে” এনে অগোচৰ বিধৰ । অসমৰ বাজ- নৈতিক সমস্থাবোবব সমিধান ইয়াৰ বিপুল বুৰঞ্জী সাহিত্যত চিৰকাললৈ লিপিবদ্ধ হৈ আছে। অকল বজা আক মন্ত্রীকে লৈ বাজকাহিনী গঠিত হব নোৱাৰে । তাত দেশব অৱস্থা, প্ৰজাৰ মনোভাৱ, নানা সময়ত জাতীয় পৰিস্থিতি--এই সকলোবোৰৰ আভাস বুৰঞ্জী সাহিত্যত পোৱা যায়। অসমৰ বুৰঞ্জী সাহিত্যই ‘অসমৰ বাহিবে ভাৰতৰ ইতিহাসতো পোহৰ পেলাব পাবিছে। অসমৰ ওচৰত থকা কাছাব, জয়ন্তা আৰু ত্ৰিপুবাব বিশ্বাসযোগ্য সমসাময়িক বুৰঞ্জী অকল অসমীয়াই মাথোন বঞ্ষা কৰিছে।
ৰাজ-ৰাজোৱানৰ কথা-বাৰ্ত্তা লেন-দেনৰ বাহিৰেও আগৰ