ধুমূহাৰ পাছত ৪৫
সচীকৈয়ে দৰিদ্রতা এটা অভিশাপ ৷ ই মানুহক পদ্দ কৰি পেলাই । অন্তৰত গুমৰি থকা আশা আকাজ্কাবোৰ যেন আন্তবতে গুমৰি গুৰৰি মৰহি যায়।
কিন্ত এই অভিশাপ মূৰপ৷তি লোৱাটো মানৱৰ মনো- বৃত্তিৰ বিকুদ্ধে। বাস্তৱ জীৱনৰ আশ অভিলাসবোৰ পূৰ্ণ কৰাৰ বাটত ই প্রতিবন্ধকত| জন্মাই জীৱন দুৰ্ব্বহ কৰাৰহে এটা প্রতিমৃন্তি। কিন্তু ইয়াৰ লগত যুজিবই লাগিব। অন্তৰৰ WY শক্তিক জগাই তাক কর্মক্ষম কৰি তুলিব পাৰিলেই আৰু আত্মবিশ্বাস আৰু নিজৰ বুদ্ধি বৃত্তিৰ ওপৰত পূর্ণ আস্থা স্থাপন কৰিব পাৰিলেই ইয়াৰ কৰাল গ্রাসৰ পবা নিজক মুক্ত কৰিব পৰা হয়। মানৱ মন সদায় উদ্ধগামী। মনলৈ অৱসাদ আনি দৰিদ্ৰতা বৰণ কৰি লৈ জীৱন uke কৰা যুক্তিসঙ্গত নহয়। দৰিদ্ৰতা বৰণ Fal সহজ সাধ্য ; আৰু সহজ সাধ্যত মানৱ মন তুষ্ট নহয়--আৰু তেনে হোরাটে। কাপুকষতা | কঠিন সাধ্যতাক আয়ত্ত কৰাহে প্রকৃত মানৱ শক্তিৰ পৰিচায়ক |
কিন্ত দৰিদ্ৰতাৰ মাজেদিহে নিজৰ চৰিত্ৰ গঠন কৰিব পাৰি ৷ বিশ্ব মানৱৰ স্বৰূপটো! উপলব্ধি কৰিব পাৰি। সেই কাৰণেই দেখা যায় সৰহভাগ প্রতিভাণালী চিন্তাশীল লোকৰ জন্ম হৈছে দৰিদ্ৰৰ ঘৰত ৷ নিজে দৰিদ্ৰ নহলে দৰিদ্ৰৰ অন্তৰ বা মানৱ জাতিৰ অন্তৰ বুজিব নোৱাৰি। দৰিদ্ৰৰ এটা স্বাভাৱিক সহাম্গ- ভূতি আছে কাৰণে পৰস্পৰৰ দুখ বেদন৷ৰ কথাবিলাক বুজিব পাৰে। তুমি নিজেই এইটো উপলব্ধি কৰিব পাৰিব| |