সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মোব হৃৎকম্পকো নেওচি কিহবাৰ অসন্তুষ্ট হিস্ হিস্ শব্দ !
যেন, নোদোকা পৃথিৱীৰ ভাৰ আৰু ব'ব নোৱাৰি
পাতালৰ বাসুকীয়ে ফোঁচ-ফোঁচাইছে !
শিমলুৰ উৰুঙা ডালত তিনিটিমাত্র পাত নাচি আছিল তেতিয়া ।


ভয়াতুৰ ভৰিহালে লৰ মাৰি হেমব্ৰমৰ দুৱাৰমুখ পালেগৈ।
মেলখোৱা দুৱাৰেদি ছিটিকি ভিতৰ সোমাই
হেমব্ৰমক সাৱটি ধৰিলোঁ।
মজিয়াত ঘৈণীয়েক দুগৰাকী, দুহাল ল'ৰা ছোৱালীৰ সৈতে
কুচি-মুচি শুই আছিল।
বাহিৰত এক অভিশপ্ত, অসন্তুষ্ট হিসহিস্ শব্দ ।


ৰাঙাপাৰা জংচনৰপৰা ভাহি অহা যাত্রীট্ৰেণৰ কোলাহল,
কুকুৰৰ ভুক্‌ ভুক্‌,
টিফাইত সদ্যহতে বহাই-দিয়া কেৎলীৰ পানী উতলা শব্দ—
সকলো বুৰাই
ওৰে ৰাতি অস্থিৰ, ফেৰ্ফেৰীয়া, সেয়া হিস্‌ হিস্‌ শব্দই
বৰজুলি বাগিছাত
এক অসন্তুষ্ট ওৰ্কাৰ আবিৰ্ভাৱৰ আগজাননী দিছিল ।


মই জানিছিলোঁ, ওর্কা-চোকা একে. নাই
তথাপি সিদিনা ৰাতি মোৰ কিয় জানো পতিয়ন হ'ল,
এই বণুৱা বস্তিৰ মানুহবোৰেই
এদিন ওর্কাতকৈও মহাবলী হৈ
আকাশ চুবহি॥