এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
- বনলতা সেন
- যেতিয়া তোমাক মই দেখিছিলোঁ নাটোবৰ বনলতা সেন,
- পাটলিপুত্ৰত, লক্ষ নাহৰফুটুকী বাঘছাল
- মাটিত দিছিল পাৰি ডৰাডৰে চূৰ্ণ ৰ'দালিয়ে।
- দেখিলোঁ কি দেখা নাই ভাবি থাকোঁতেই মোৰ উটি গ'ল কাল।
- তেতিয়াৰপৰা মই ভ্ৰাম্যমান্, বিচাৰিলোঁ তোমাক কিমান!
- হঠাতে আকৌ এটি চকাছন্দা গধূলিত পালোঁহি সন্ধান।
- মহাকাল মন্দিৰত আৰতিৰ পূজা কৰি শেষ
- সোমাই আছিল৷ তুমি শ্ৰাবস্তীৰ মণিদীপ্ত, নিজম, নিয়াৰি
- কাৰেঙত। শাৰী শাৰী স্ফটিক স্তম্ভৰ সমাবেশ
- বহুবৰ্ণ-বিচ্ছুৰিত। খণ্ডিত তোমাৰ ছাঁই মোৰ দুচকুত ফাকু মাৰি
- থিতাতে অদৃশ্য হোৱা — আজিও মনত মোৰ পৰে।
- তথাপিতো এৰা নাই তীৰ্থব্ৰত, পাওঁ বুলি তোমাক বিচাৰি।
- প্ৰতীক্ষাৰ পদুলিত পৰিচিত খোজৰ সঁহাৰি
- নাই পোৱা; নাই দেখা কাৰোবাৰ চুচুক-চামাক
- তথাপি মনত পৰে সেই লগ্ন, সেই কাল বেপথু কুমাৰী,
- টানি ধৰি বাঘজৰী পুনৰ ঘোৰাৰ, মই যেতিয়া তোমাক
- নমালোঁ, দিছিলা মোক আপোন ডিঙিৰপৰা খুলি
- বাখৰুৱা সাতসৰী ৰক্ষকৰ প্ৰাপ্য অৰ্ঘ্য বুলি।
- তাৰো বহুযুগ আগে পূৰ্বদেশে বিক্ৰমশীলাত
- লগ পাই সুধিছিল। কেনে পাওঁ কুমাৰসম্ভব?
- শ্ৰীহৰ্ষৰ কবিকৃতি অনবদ্য হয় নে নহয়
- সেই তৰ্ক কাটি কৰি চালোঁ কৃষ্ণকেশৰ সৌষ্ঠব।
- তাৰ পিচে তুমি গ'লা দখিণলে', মই গলো উত্তৰ বাটেদি,
- অপূৰ্ণ থাকিয়ে গ'ল আধৰুৱা জীৱনৰ বেদী।
- আজি আকৌ সীমান্তৰ ভগনীয়া শিবিৰত দেখা, চকুযুৰি
- নহয় পখীৰ নীড়—দুটি ৰিক্ত শুকান পুখুৰী।৫১