সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বনলতা সেন
যেতিয়া তোমাক মই দেখিছিলোঁ নাটোবৰ বনলতা সেন,
পাটলিপুত্ৰত, লক্ষ নাহৰফুটুকী বাঘছাল
মাটিত দিছিল পাৰি ডৰাডৰে চূৰ্ণ ৰ'দালিয়ে।
দেখিলোঁ কি দেখা নাই ভাবি থাকোঁতেই মোৰ উটি গ'ল কাল।
তেতিয়াৰপৰা ম‍ই ভ্ৰাম্যমান্, বিচাৰিলোঁ তোমাক কিমান!
হঠাতে আকৌ এটি চকাছন্দা গধূলিত পালোঁহি সন্ধান।
মহাকাল মন্দিৰত আৰতিৰ পূজা কৰি শেষ
সোমাই আছিল৷ তুমি শ্ৰাবস্তীৰ মণিদীপ্ত, নিজম, নিয়াৰি
কাৰেঙত। শাৰী শাৰী স্ফটিক স্তম্ভৰ সমাবেশ
বহুবৰ্ণ-বিচ্ছুৰিত। খণ্ডিত তোমাৰ ছাঁই মোৰ দুচকুত ফাকু মাৰি
থিতাতে অদৃশ্য হোৱা — আজিও মনত মোৰ পৰে।
তথাপিতো এৰা নাই তীৰ্থব্ৰত, পাওঁ বুলি তোমাক বিচাৰি।


প্ৰতীক্ষাৰ পদুলিত পৰিচিত খোজৰ সঁহাৰি
নাই পোৱা; নাই দেখা কাৰোবাৰ চুচুক-চামাক
তথাপি মনত পৰে সেই লগ্ন, সেই কাল বেপথু কুমাৰী,
টানি ধৰি বাঘজৰী পুনৰ ঘোৰাৰ, ম‍ই যেতিয়া তোমাক
নমালোঁ, দিছিলা মোক আপোন ডিঙিৰপৰা খুলি
বাখৰুৱা সাতসৰী ৰক্ষকৰ প্ৰাপ্য অৰ্ঘ্য বুলি।


তাৰো বহুযুগ আগে পূৰ্বদেশে বিক্ৰমশীলাত
লগ পাই সুধিছিল। কেনে পাওঁ কুমাৰসম্ভব?
শ্ৰীহৰ্ষৰ কবিকৃতি অনবদ্য হয় নে নহয়
সেই তৰ্ক কাটি কৰি চালোঁ কৃষ্ণকেশৰ সৌষ্ঠব।
তাৰ পিচে তুমি গ'লা দখিণলে', মই গলো উত্তৰ বাটেদি,
অপূৰ্ণ থাকিয়ে গ'ল আধৰুৱা জীৱনৰ বেদী।


আজি আকৌ সীমান্তৰ ভগনীয়া শিবিৰত দেখা, চকুযুৰি
নহয় পখীৰ নীড়—দুটি ৰিক্ত শুকান পুখুৰী।
৫১