এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
- কিন্তু মোৰ ঠেক বাহুৰ গণ্ডীৰপৰা
- পিছলি, সৰকি গৈছে তাই।
- সৌমাৰ, কামৰূপ আৰু পৰ্ব্বতভূমিৰ বিশালতা ও
- তাইৰ বাবে সঙ্কীৰ্ণ।
- সৰ্থেবাৰীৰ দৃঢ়বাহু কঁহাৰৰ ঘৰত,
- লুইতেদি ভটিয়াই ইলীহ্ মাছ ধৰা নাৱৰীয়াৰ মেলত
- পৰস্পৰৰ পিঠি খজুৱাই থকা
- বজৰুৱা সাহিত্যিকৰ আড্ডাত,
- ডেকাচাং, নামঘৰ, অলেখ নাম-নজনা গাঁও,
- আনকি মৰিশালিতো
- তাইৰ সন্ধান কৰিছিলোঁ।
- কিন্তু ক'তো তাইৰ ভু পোৱা নাই।
- মই যেন মহাকাশৰ কক্ষপথ থেদিফুৰা এক বাহু
- আৰু তাই মোৰ হেৰাই যোৱা
- বিয়াত্ৰিচে!
- সাউদৰ ঘৰত তেজীমল৷ হৈ তায়ে উপজিছিল।
- ঢেঁকীৰ খুন্দাত গুড়িগুড়ি হৈছিল
- তাইব হাত, ভৰি, হৃদয়,—
- গোটেই ছোৱালীজনী তাই।
- তথাপি আকৌ
- সেই চূৰ্ণবিচূৰ্ণ অস্থিমজ্জা আৰু
- ৰক্তাক্ত মেখেলা-চাদৰৰপৰা,
- অনিৰ্বাণ কণ্ঠস্বৰ আৰু চোতালৰ মাধুৰীফুলৰপৰা,
- তাই, তেজীমলা,
- পুনৰ্জন্ম পাই উঠি আহিছিল।৪৭