সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কিন্তু মোৰ ঠেক বাহুৰ গণ্ডীৰপৰা
পিছলি, সৰকি গৈছে তাই।
সৌমাৰ, কামৰূপ আৰু পৰ্ব্বতভূমিৰ বিশালতা ও
তাইৰ বাবে সঙ্কীৰ্ণ।


সৰ্থেবাৰীৰ দৃঢ়বাহু কঁহাৰৰ ঘৰত,
লুইতেদি ভটিয়াই ইলীহ্ মাছ ধৰা নাৱৰীয়াৰ মেলত
পৰস্পৰৰ পিঠি খজুৱাই থকা
বজৰুৱা সাহিত্যিকৰ আড্ডাত,
ডেকাচাং, নামঘৰ, অলেখ নাম-নজনা গাঁও,
আনকি মৰিশালিতো
তাইৰ সন্ধান কৰিছিলোঁ।
কিন্তু ক'তো তাইৰ ভু পোৱা নাই।
মই যেন মহাকাশৰ কক্ষপথ থেদিফুৰা এক বাহু
আৰু তাই মোৰ হেৰাই যোৱা
বিয়াত্ৰিচে!


সাউদৰ ঘৰত তেজীমল৷ হৈ তায়ে উপজিছিল।
ঢেঁকীৰ খুন্দাত গুড়িগুড়ি হৈছিল
তাইব হাত, ভৰি, হৃদয়,—
গোটেই ছোৱালীজনী তাই।
তথাপি আকৌ
সেই চূৰ্ণবিচূৰ্ণ অস্থিমজ্জা আৰু
ৰক্তাক্ত মেখেলা-চাদৰৰপৰা,
অনিৰ্বাণ কণ্ঠস্বৰ আৰু চোতালৰ মাধুৰীফুলৰপৰা,
তাই, তেজীমলা,
পুনৰ্জন্ম পাই উঠি আহিছিল।
৪৭