এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
- স্বয়ংবৰা
- মোৰ আমঠুৰ কোহে কোঁহে তাইৰ নাম লিখা।
- তাই-এ মনে মনে ধানৰ শিহত গাখীৰৰ কণ হৈ আহে,
- নেমুটেঙাৰ কোমল পাতত তাইৰে চেনেহৰ মসৃণতা,
- বৰদৈচিলা হৈ
- তায়ে প্ৰতি বহাগত ধুমুহা বোৱাই দি যায়।
- পৰশুৰাম কুণ্ডৰপৰা ধুবুৰীৰ বন্দৰলৈকে বিস্তাৰিত
- সৌমাৰ, কামৰূপ আৰু বিশাল পৰ্বত-ভূমিৰ
- ৰূপৱতী নায়িকা তাই।
- তাই বৰদা, নীলপৰ্বতবাসিনী।
- সুমথিবা, চাহনি, শালগছ,
- মাটিৰ তলৰ পেট্ৰলৰ পাইপলাইন,
- জুৰি, ডোঙ, ডেৰিক, নাম-ধৰা ভোৰতাল—
- সকলো তাইৰ পাদপ্ৰদীপ :
- আবিৰ্ভাৱৰ প্ৰতীক্ষাত দীপ্যমান।
- আকৌ তায়ে বৰঘৰ শুৱনি।
- তাঁতশালৰপৰা বেঙেনাবাবাৰীলৈকে খৰ-খেদা কৰি
- তত নাইকিয়া
- তাৰে পীৰ! পাৰি বহুৱাই
- নিতৌ আগ বঢ়াই দিয়ে
- খাৰ, টেঙা, মাটিমাহ আৰু আহুধানৰ ভাত।৪৫