এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
- মেজিৰ জুইত ধৰি কোটি ভায়ে গাই যাম গীত,
- 'আমাক নালাগে ৰণ, লাগে সপ্ত সমুদ্ৰৰ
- মন্থিত অমৃত।'
- লুইতৰ পাৰে পাৰে আজি নিশা গীত গাওঁ আহা :
- বাৰুদৰ দিন শেষ নাহৰফুল ফুলিবৰ বতৰ !
- সুৰেৰে উতলা হ’ক মিচিচিপি হোৱাংহোৰ ঢউ,
- মানুহৰ ঘৰে ঘৰে নির্বিবাদে ঘূৰক যঁতৰ ।৪০