সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাৰ পিছে হাত ধৰি ঘুৰি ঘূৰি নাচে আৰু গায় :
“এনেহেন জোনাক নিশাত পাৰে। মানে নাচে। আহা আজি!”
লুইতৰ পাৰে পাৰে সোণোৱালী পথাৰত যি কৃষকে খাটে,
এহাতে দস্যুক ভেটি আনহাতে পকাধান কাটে,
যি মগজুৰে তেল তোলে, শিল ভাঙে, চাবল চলাৰ,
হাবিবনে ফালে কাঠ, বইলাৰৰ কয়লা যোগায়—
একেটি উদগ্ৰ আশা সিহঁতৰো বঞ্চিত হিয়াত :
ৰুটি আৰু গোলাপৰ ঠাই হ'ক জীৱনৰ একেটি শাখাত।


এতেকে আকৌ কিয় আকাশৰ কাষ চাপি খেলিমেলি মেঘ?
কিয় দেখো ধুমুহা, উদ্বেগ?
কিয় আতংকৰ ছায়া নামে
নীলবনৰেখাকঁপা আমাৰেই পাহাৰেভৈয়ামে?
ওচৰৰে দেশে দেশে ৰাহু-মুক্ত কৃষক-মজুৰে
প্ৰচাৰ কৰিছে এক মধুৰ ফটোৱা :
“নিদিবা দেহাৰ তেজ হবলৈ শোষকৰ মোনা-ভৰা সোণ,
আমাৰ কান্ধৰপৰা পিছলি যে বাগৰিল দোলা।


সেয়ে আজি পাখি মেলি শৱলুব্ধ শগুনৰ জাকে
অলক্ষ্মীৰ ছাঁ পেলায় এচিয়াৰ তুলসী-তলত—
যেতিয়া তুষাৰতীক্ষ্ণ হিমাদ্ৰিৰ প্ৰাচীৰ বগাই
সৌভ্ৰাত্ৰ্যৰ ৰাখীডালে জিলিকায় শান্তিৰ শপত।
ৰঙাভূত আহে বুলি কেউফালে কাহিনী তো ৰটে,
বুটৰ চেপাত হয় গুড়ি গুড়ি ভূমিচম্পা ফুল,
কুচকাৱাজৰ শব্দে দেশে দেশে নিজান গাঁৱতে৷
পাটীৰ দম্পতিৰাতি কুচিমুচি নিতে' শঙ্কাকুল।
সিহঁতে ডলাৰ যাচে, মোক লাগে ৰহঘৰা ঘৰ
সিহঁতে মুনাফ৷ চিনে মই চিনে। বেথা লুইতৰ।
৩৭