এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
- তাৰ পিছে হাত ধৰি ঘুৰি ঘূৰি নাচে আৰু গায় :
- “এনেহেন জোনাক নিশাত পাৰে। মানে নাচে। আহা আজি!”
- লুইতৰ পাৰে পাৰে সোণোৱালী পথাৰত যি কৃষকে খাটে,
- এহাতে দস্যুক ভেটি আনহাতে পকাধান কাটে,
- যি মগজুৰে তেল তোলে, শিল ভাঙে, চাবল চলাৰ,
- হাবিবনে ফালে কাঠ, বইলাৰৰ কয়লা যোগায়—
- একেটি উদগ্ৰ আশা সিহঁতৰো বঞ্চিত হিয়াত :
- ৰুটি আৰু গোলাপৰ ঠাই হ'ক জীৱনৰ একেটি শাখাত।
- এতেকে আকৌ কিয় আকাশৰ কাষ চাপি খেলিমেলি মেঘ?
- কিয় দেখো ধুমুহা, উদ্বেগ?
- কিয় আতংকৰ ছায়া নামে
- নীলবনৰেখাকঁপা আমাৰেই পাহাৰেভৈয়ামে?
- ওচৰৰে দেশে দেশে ৰাহু-মুক্ত কৃষক-মজুৰে
- প্ৰচাৰ কৰিছে এক মধুৰ ফটোৱা :
- “নিদিবা দেহাৰ তেজ হবলৈ শোষকৰ মোনা-ভৰা সোণ,
- আমাৰ কান্ধৰপৰা পিছলি যে বাগৰিল দোলা।
- সেয়ে আজি পাখি মেলি শৱলুব্ধ শগুনৰ জাকে
- অলক্ষ্মীৰ ছাঁ পেলায় এচিয়াৰ তুলসী-তলত—
- যেতিয়া তুষাৰতীক্ষ্ণ হিমাদ্ৰিৰ প্ৰাচীৰ বগাই
- সৌভ্ৰাত্ৰ্যৰ ৰাখীডালে জিলিকায় শান্তিৰ শপত।
- ৰঙাভূত আহে বুলি কেউফালে কাহিনী তো ৰটে,
- বুটৰ চেপাত হয় গুড়ি গুড়ি ভূমিচম্পা ফুল,
- কুচকাৱাজৰ শব্দে দেশে দেশে নিজান গাঁৱতে৷
- পাটীৰ দম্পতিৰাতি কুচিমুচি নিতে' শঙ্কাকুল।
- সিহঁতে ডলাৰ যাচে, মোক লাগে ৰহঘৰা ঘৰ
- সিহঁতে মুনাফ৷ চিনে মই চিনে। বেথা লুইতৰ।৩৭