সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সেউজী দ্বীপৰ দৰে আছে পৰি অ'ত ত'ত হাজাৰ বাগান,
হাজাৰ বাগানে গায়, ওৰাৱঁ -চাওঁতাল-মুণ্ডা,
শ্রমিকৰ মৃত্যুঞ্জয়ী গান।
কুঁজা হৈ পাত তোলে, বিষ হয় ৰাজহাড়, তথাপিও মতাতিৰোতাই
মিটিঙে মিছিলে ফুৰে, দাবী তোলে :
“হামনিকেৰ মাঙ পুৰা কৰ্',
ঝুমুৰৰ ছেৱে ছেৱে ওৰে নিশা নাচি পোহৰায়৷


ডাৱৰে সাৱটি ধৰা পৰ্বতৰ শিলত খামুচি
ফলৰ বাগিছা পাতি
যিবোৰে সূৰ্য্যৰপৰা মনমোহা ৰঙ কাঢ়ি আনে,
আৰু বতৰে বিদায় ল'লে, বঞ্চিতৰ ক্ষোভেৰে যিবোৰে
গেলিযোৱা সুমথিৰা দলিয়ায় মন্ত্ৰীৰ মূৰলে’—
দেখিছো তো সিহঁতকো
পাইনৰ বননিত জোনাকত বজোৱা গীটাৰ।


দুর্গম সীমাত আজি নগা-মিজো-আবৰৰ গ্ৰাম
আপোনাৰ চোতালত অকণি আৰাম খোজে,
অকণি বিশ্রাম।
কেঁচা ভেটি পৰি আছে, বন্ধা নাই ঘৰ,
প্রতীক্ষাত বৈ আছে খেতিৰ বতৰ,
সিহঁতকো সেয়ে লাগে শান্তি আৰু মৌ-ভৰা পথাৰ,
লাগে স্বাধিকাৰ।


শান্ত ইম্‌ফলত আক' বাজি উঠে বৈষ্ণৱৰ খোল,
ললিতকঠোৰে তোলে জীৱনৰ কল-কলৰোল।
কাঁচিৰ মুখত কৰি অনাহাৰ দূৰ
গাঁৱৰ ডেকাই মন কাঢ়ে গাভৰুৰ।
৩৬