সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লুইতপাৰৰ গীত
সত্তাৰ লগত মোৰ সপোনৰ দৰে গঁথা
চেনেহৰ একেখনি দেশ—
মই ভালপাওঁ তাৰ বনৰাজিনীল পৰিবেশ।
জাকি মাৰি জাৰকালি উৰি যায় বনৰীয়া হাঁহ,
কমলাব কুঞ্জে কুঞ্জে মউমাখি মউ চুহি ফুৰে,
বৰফৰ টুপী-পিন্ধা দূৰণিৰ ভুটান পাহাৰ,
হঠাতে জিলিকি উঠে ৰ'দৰ চুমাত৷


কেতিয়াবা আগবহাগত
শিপিনী কাচোন কাচে জাপি থোৱা ৰিহা মেখেলাৰে,
কমোৱা তুলাৰ দৰে কৃষকৰ উৰিবৰ মন,
বহাগীৰ আমন্ত্ৰণ ফুলি উঠে নাহৰৰ ফুলাম শাখাত
অজান লতাৰ গোন্ধে আমোলায় বাট।


শাওণত শুনো মই যৌৱনৰ গান
কলঙৰ কল্লোলত, পৰ্বতীয়া নিজৰাৰ সুৱলা ধ্বনিত।
আলিদিয়া জুমখেতি বুকু পাতি ধৰি বাথে পানী,
ভৈয়ামৰ ভিজামাটি সিবলু সিৰলু হয়
নাঙলৰ ফালৰ মুখত
লুইতৰ গতিবেগে ভাঁহি যায় গোটমৰা শিল।
এয়েতো আমাৰ দেশ, শান্তিৰ নিবিড় নীড় অসম আমাৰ,
উখলমাথল হিয়া দেখি মোৰ নদী বন ভৈয়াম পাহাৰ ৷
৩৫