সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রথম পোহৰ
শান্ত শেতেলিৰপৰা উঠিগৈ ওপচা মৰম
সৰু এই কোঠালিৰ কোণে কোণে এইমাত্ৰ বিয়পি পৰিল।
যদিও উষাৰ ঢল, টোপনিত লালকাল তাই,
শিতানত সৰিপৰা এটি দুটি মূর্ছিত বকুল।


অ' মোৰ চেনেহী, সোণ, যদি মই পাৰিলোহেঁতেন
সম্ভোগৰ পৰবৰ্তী এই শান্ত সময়ক দীঘল কৰিব,
এই সুখ সংক্ষেপ নকৰি এই কোঠালিৰ মৰমী দুৱাৰ,
চিৰকাললৈ মই জপোৱাই ৰাখিলোহেঁতেন।


কিন্তু উষাৰ ঢলে সময়ক উটুৱাই নিয়ে,
চেল্‌ফত কিতাপৰ নামবোৰ স্পষ্ট হৈ উঠে।
বিবেক মুখৰ হয়, তোমাৰো বাগৰ মাৰি উঠিবৰ হ'ল—
এইবাৰ দৃঢ়-বিহা তোমাৰ যাত্ৰাৰ আৰম্ভণি ।


ৰজনীৰ শেষ ট্রেণ এইমাত্ৰ গুচি গ'ল খিৰিকী কঁপাই,
চৌদিশে কিৰিলি বাঢ়ে, তোমাৰো ডিঙিৰ মাত, সোণ,
এতিয়া শব্দিত হ'ব, হ'বগৈ সংসাৰৰ চিঞৰ-বাখব।
জপৰা চুলিত মোৰ নম্র পল্লবৰ দৰে ওৰে নিশা আঙুলি-বোলোৱা
এই মায়াবিনী মাত
এতিয়া বিলীন হ'ব, হ'ব ক্রমে লয়হীন কর্কশ কোৰ্হাল ৷৷
৩৪