সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গীতে যেন পাটৰ মেখেলা হৈ নিতম্ব আৱৰে,
আৰু তাৰ পাতলিত
টুঙ টাঙ, সুৰ হয় কাৰ্শলাবন।
মই ভালপাওঁ এই গীতময় দেহোত্তৰ মন!


সৌন্দৰ্যৰ জোখ যদি নাক, মুখ, চেলাউৰি,
তুমি তো ক্ষণিকা,
শোটোবা শোটোৰ হ'ব দুদিনতে তোমাৰ শ্ৰীমুখ,
চূৰ্ণ হ'ব এই অহমিকা।


সেয়ে দেহৰ পাৰ ভাঙি দি এই দেহোত্তীৰ্ণ মনে
বক্ষৰ বৈকুণ্ঠ ভেদি গীত হৈ বোৱতী হওক!
গীতল মেখেলা হৈ
শঙ্খৰ নিচিনা বগা কৰঙন আৱৰি দিয়ক!
সৰ্বাঙ্গ সাৱটি ধৰি মৰমৰ গান-গোৱা স্নিগ্ধ, শুভ্ৰ মন,
—দেহৰ টবত ফুলা ৰজনীগন্ধাৰ থোক—
সেয়ে মোৰ অতিকে আপোন।
৩৩