এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
- এনেতে থামিল কণ্ঠ। জুৰিৰ বুকুত যেন অকস্মাতে
- উছলি থমকি ৰ'ল কলকল পানী
- লাহী আঙুলিৰে মচি চকুপানী দুই নয়নৰ
- পুনু ক'লে গাভৰুৱে :
- “শিলৰ দেৱতা, তাৰ হৃদয়ো শিলৰ।
- আমি কিন্তু মাটিৰ মানৱী,
- হৃদয়ত উম আছে, আছে আশা-প্ৰেম
- আৰু আছে সুখ-স্মৃতি। নৃত্যৰতা দেখিলোঁ সপোন--
- এখনি সেউজী গাও ভৰলী পাৰত :
- নিজান পজাত বহি মায়ে মোৰ চকুলোত ভাঁহি
- দেখিছে সপোন—
- 'মাকৰ কোলাৰপৰা কাঢ়ি-লোৱা সৰু ছোৱালীটি
- দেৱতাৰ মন্দিৰত দীপলিপ, গাভৰুটি হৈ
- নাচোনৰ ছেৱে ছেৱে দেৱতাৰ গুচায় পিয়াহ।'
- মনত নপৰে মোৰ মাজনীৰ চেনেহ-সনা মুখ
- মনত পৰিল মাথোঁ — আছিল সেউজী গাঁও,
- মূৰত ওৰণি লোৱা আৰু এক স্নেহময়ী নাৰী,
- মঙ্গলকলচী যেন চকুযুৰি যাৰ।
- অকস্মাতে নূপুৰৰ তাল ভঙ্গ হ'ল।
- আচম্বিতে স্তব্ধ হ'ল হেজাৰ নাচনী দেৱদাসী,
- উৰি থকা মেখেলাৰ পাতলিয়ে
- ক্লান্ত কলাফুল ঢাকি
- আচম্বিতে মাটিমুখী হ'ল।
- ক্ষিপ্ত হৈ ৰক্তচকু পুৰোহিতদলে-
- অপৰাধী মোক টানি লৈ গ'ল মন্দিৰৰ
- চোতালৰপৰা।১৫