সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এনেতে থামিল কণ্ঠ। জুৰিৰ বুকুত যেন অকস্মাতে
উছলি থমকি ৰ'ল কলকল পানী
লাহী আঙুলিৰে মচি চকুপানী দুই নয়নৰ
পুনু ক'লে গাভৰুৱে :
“শিলৰ দেৱতা, তাৰ হৃদয়ো শিলৰ।
আমি কিন্তু মাটিৰ মানৱী,
হৃদয়ত উম আছে, আছে আশা-প্ৰেম
আৰু আছে সুখ-স্মৃতি। নৃত্যৰতা দেখিলোঁ সপোন--
এখনি সেউজী গাও ভৰলী পাৰত :
নিজান পজাত বহি মায়ে মোৰ চকুলোত ভাঁহি
দেখিছে সপোন—
'মাকৰ কোলাৰপৰা কাঢ়ি-লোৱা সৰু ছোৱালীটি
দেৱতাৰ মন্দিৰত দীপলিপ, গাভৰুটি হৈ
নাচোনৰ ছেৱে ছেৱে দেৱতাৰ গুচায় পিয়াহ।'
মনত নপৰে মোৰ মাজনীৰ চেনেহ-সনা মুখ
মনত পৰিল মাথোঁ — আছিল সেউজী গাঁও,
মূৰত ওৰণি লোৱা আৰু এক স্নেহময়ী নাৰী,
মঙ্গলকলচী যেন চকুযুৰি যাৰ।


অকস্মাতে নূপুৰৰ তাল ভঙ্গ হ'ল।
আচম্বিতে স্তব্ধ হ'ল হেজাৰ নাচনী দেৱদাসী,
উৰি থকা মেখেলাৰ পাতলিয়ে
ক্লান্ত কলাফুল ঢাকি
আচম্বিতে মাটিমুখী হ'ল।
ক্ষিপ্ত হৈ ৰক্তচকু পুৰোহিতদলে-
অপৰাধী মোক টানি লৈ গ'ল মন্দিৰৰ
চোতালৰপৰা।
১৫