সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাগিছাত দেওবাৰ
বৰ মিঠা নাম বাগিছাখনিৰ। ৰূপাজুলি।
এটি বনগীত পথাৰত যেন শুই আছে।
চাহগছবোৰ ভৰপৰৰ গাভৰু-মেল;
বতাহত নাচে অলেখ খোপাৰ চূৰ্ণ চুলি
সেউজৰ স'তে থাপথোৱাকৈ গেৰুৱা ফিটা
পৰি আছে যেন খেলিমেলি এটি বাট বেঁকা!
ক্লাব-উন্মন বৰচাহাবৰ মটৰগাড়ী,
এইমাত্রকে থৈ গ'ল তাত চকাৰ চেকা
বৰকেৰাণীৰ চ'ৰাত মাংস সিজাৰ গোন্ধ,
চুৰীৰ শৱদে ধুৱলী চাহৰ জাননী দিয়ে,
জামাদাৰবাবু মতামহৰীৰ কাজিয়াখন
তাচৰ মেলত ছিঙি দিলে আজি দেওবাৰে।
ছদিনৰ কামজাৰিৰ ক্লান্তি মাৰোঁ বুলি
ছুটী ল'লে আজি জীর্ণ-মলাট হাজিৰা-বহী,
ছুটী ল'লে আজি অননিবননি ৰূপাজুলি
উৰুঙা উৰুঙা হাটমুৱা এটি পখিলা মন।
আজি কলঘৰ স্তব্ধ ৷ কামৰ তাগিদ নাই।
ওখ চিমনিয়ে ডাৱৰক মাথোঁ আমনি কৰে।
১০