সমললৈ যাওক

পৃষ্ঠা:তোমালৈ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জনপ্ৰিয়তা হেৰুৱাইছে বুলি ঘনাই তোলা অভিযোগটো মানিবলৈ টান পাইছোঁ। কাৰণ, মোৰ নিজা অভিজ্ঞতা বেলেগ। প্ৰকাশিত হোৱাৰ আঢ়ৈ বছৰৰ ভিতৰতে ‘তোমালৈ'ৰ এঘাৰশ কপি নিঃশেষিত হৈছিল আৰু প্ৰকাশকৰপৰা দ্বিতীয় সংস্কৰণৰ পাণ্ডুলিপি সাজু কৰিবলৈ তাগিদ পাইছিলোঁ। মোৰ বিশ্বাস, কবিতাক দুৰ্বোধ্য কৰাৰ কৃত্ৰিম প্ৰচেষ্টা বৰ্জিত হ'লে, কবি আৰু সহৃদয় ৰসগ্ৰাহীৰ পৰস্পৰৰ মাজত সহযোগিতাৰ বাট আৰু বহল হ'ব।

 ... বন্ধুবৰ শ্ৰী অৰুণ পুৰকায়স্থলৈ কৃতজ্ঞতা জনাবলৈ মোৰ ভাষাৰ নাটনি।...

তৃতীয় পৰিবৰ্দ্ধিত সংস্কৰণৰ ভূমিকা

 অৱশেষত ‘তোমালৈ’ৰ তৃতীয় সংস্কাৰণো ওলাল। ইয়াৰ বাবে বন্ধুবৰ শ্ৰীৰণজিৎ নাৰায়ণ ডেকাক আৰু লয়াৰ্ছ বুক ষ্টলৰ কৰ্ত্তৃপক্ষলৈ কৃতজ্ঞতা জনাই থলো। এই সংস্কৰণত তিনিটা নতুন কবিতা সংযোজিত হ'ল। এটি কবিতাৰ ক্ষেত্ৰত কিছু সালসলনিও কৰা হ'ল।


মে ১৯৭৭
২৩-ই আলিপুৰ ৰ’ড
কলিকতা – ৭০০ ০২৭
অমলেন্দু গুহ