সমললৈ যাওক

পৃষ্ঠা:তেজত শব্দৰ হৈ চৈ‍.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাটচ'ৰাত আত্মকথা

 কাব্যচৰ্চা কৰা আজি বহুত বছৰেই হ'ল। ১৯৯৩ চনত মোৰ প্ৰথম যুটীয়া কাব্য সংকলন ‘স্বপ্নশিখা'ক প্ৰকাশ কৰি পাঠকলৈ আগবঢ়াই দিওতে বহুজনে আপোন কৰি লোৱা সংবাদে আনন্দিত কৰিছিল। পুনৰ মোৰ দ্বিতীয় কাব্য সংকলন 'তেজত শব্দৰ হৈ চৈ'ক প্ৰকাশ কৰি পাঠকৰ কোলাত তুলি দিছো মোক যেতিয়াই-তেতিয়াই কবিতাৰ কথা পাতি সংকলন এটা প্ৰকাশ কৰিবলৈ কৈ থকা অগ্ৰজ আৰু অনুজ বন্ধু-বান্ধবী সকলৰ তাগিদাত। কবিতাৰ পাঠক কম বুলি জানি শুণিও এই সংকলনটি প্রকাশ কৰিবলৈ মৰসাহ পালো মোৰ অনুজ প্রতীম বন্ধু পৰমানন্দ চুতীয়াৰ আন্তৰিক সহযোগত৷

 মোৰ কবিতা প্ৰকাশ কৰি পাঠকৰ ওচৰলৈ আগবঢ়াই দিয়াৰ বাবে বাতৰি কাকত, আলোচনী ক্রমে দৈনিক জনমভূমি, পজালি, অন্তৰা, সজাল, জীৱন্ত, শ্ৰীময়ী, পাঞ্চজন্য, কাব্যশ্রী, অনুৰণন, অনামিকা, হেঙুল, সাহিত্য-চিন্তা, কাঁচিজোন, বহ্নিশিখা, ফিৰিঙতি, কবিতাকাশ, শব্দ, প্রভাতী, সেউজপুত্র, পিংগল, উপকণ্ঠ, অকণিৰ অগ্ৰদূত, দীপশিখা, গাণ্ডীব, জাগৰণ, উত্তৰকাল, নতুন কবিতা, নবীন কবিৰ একুকি কবিতা, সুভাস, প্রতিফলন, জনমভূমি আৰু স্থানীয় বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে বিভিন্ন সময়ত প্ৰকাশ কৰি অহা স্মৃতিগ্ৰন্থ আৰু মুখপত্ৰৰ সম্পাদনা বিভাগৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ যোৰহাট চিটি চেনেল আৰু আকাশবাণী কেন্দ্ৰৰ ওচৰত।

 মোৰ কবিতাৰ ওপৰত বিভিন্ন সময়ত আলোচনা-বিলোচনা আগবঢ়াইছিল ড° কুতুবুদ্দিন আহমেদ, উদ্বেন্ধু দাশ, ড' দেবব্ৰত শৰ্মা, যোগেশ কিশোৰ ফুকন, মানিক শ‍ইকীয়া আৰু ড' প্ৰদীপ কুমাৰ বৰুৱাই এইসকলক কৃতজ্ঞতা জনাইছোঁ। মোক কবিতা লিখিবলৈ বহুজনে উৎসাহ দিছিল তাৰ ভিতৰত ৰবীন্দ্ৰ বৰা, অংকুৰ ৰণজন চাংমাই, ৰণজন কুমাৰ ৰেগন, যোগমায়া গগৈ, ভূপেন্দ্ৰ নাথ গোস্বামী, হেমন্ত বর্মন, দুলাল শর্মা, ড' প্রবীণ ভট্টাচাৰ্য, ৰণজিৎ গগৈ, ৰূপালী চুতীয়া, ড° বসন্ত কুমাৰ গোস্বামী, মাধুৰী শৰ্মা সভাপণ্ডিত, হলিৰাম গগৈ, কুমুদ ঘোষ, প্রণীতা শ‍ইকীয়া, কমল কছাৰী, প্ৰবীণ কুমাৰ গগৈ, ৰীতা গগৈ বৰুৱা, প্ৰেম গগৈ, মনোজ কুমাৰ ভট্টাচাৰ্য, জয়ন্ত দেৱ শৰ্মা, গংগামোহন মিলি, নুৰুল হুছেইন, উজ্বল পাওগাম, পল্লবী বৰা, প্ৰতিভা চুতীয়া, কেশব লাহন, ডাঃ থানেশ্বৰ দত্ত, প্ৰবীন বুঢ়াগোহাঁই, ভূবন পাত্ৰ, ৰূপা নেওগ গোসাঁই, উমা পাঁচনী, কৌস্তভমণি শ‍ইকীয়া, টিকেন্দ্ৰজিৎ গগৈ, চৈয়দ মহমদ মহচীন, জিণ্টী সৌকাধৰা, পৰী বৰা, অসীমা বৰআহোম আৰু অন্বেষা গগৈয়ে অন্যতম।

 অতি ব্যস্ত সময়ৰ মাজতে ‘তেজত শব্দৰ হৈ চৈ’ৰ সুৱাগুৰি‍ লিখি মৰম যচা বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্রাক্তন সাংসদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ব অধ্যাপক ড০ নগেন শ‍ইকীয়া চাৰক কৃতজ্ঞতা জনাইছোঁ।

 শেষত মোৰ এই সংকলনটি প্রকাশৰ দায়িত্ব গ্রহণ কৰা বাবে লাহিঙৰ নবীন প্ৰকাশক পৰমানন্দ চুতীয়াৰ ওচৰত মই আজীৱন ঋণী হৈ থাকিম। ‘তেজত শব্দৰ হৈ চৈ' কাব্য সংকলনটিত বিভিন্ন কাকত আলোচনীত প্ৰকাশিত আৰু অপ্ৰকাশিত মোৰ ত্ৰিশটা কবিতা পাঠকৰ ওচৰলৈ আগবঢ়াই দিছো। আশাকৰো পাঠক সমাজে মৰমৰ চকুৱে চাই আদৰণি জনাই কৃতাৰ্থ কৰিব।

প্ৰণৱ কুমাৰ গগৈ