সমললৈ যাওক

পৃষ্ঠা:তেজত শব্দৰ হৈ চৈ‍.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুৱাগুৰি

 প্ৰণৱ কুমাৰ গগৈৰ কবিতা কৰ'বাত পঢ়িছিলোঁ হয়তো, মনত ৰখা নাছিলোঁ।‘তেজত শব্দৰ হৈ চৈ' শিৰোনামেৰে প্ৰস্তুত কৰা তেওঁৰ কাব্য-সংকলনটিত চকুফুৰাই উঠি ভাৱ হ'ল প্ৰণৱৰ মাজত কবি সত্তা এটি সজীৱ হৈ বিকশিত হ'বলৈ আৰম্ভ কৰিছে। মানুহৰ প্ৰতি এক গভীৰ মমত্ববোধেৰে আৰু দায়িত্ববোধেৰে তেওঁ কৈছে,

‘মই মানুহৰ দুখত কান্দো
মই মানুহৰ প্ৰেমত মৰোঁ
সম্প্রতি এইবোৰেই মোৰ দুখ
এইবোৰেই মোৰ যন্ত্ৰণা৷”

 যিবোৰ ঘটনা ঘটিছে চাৰিওফালে, যি জীৱন চাৰিওফালে তেওঁ দেখিছে, সেই ঘটনাই সেই জীৱনে তেওঁৰ মনত যি অনুভৱ জগাই তুলিছে, প্ৰণৱে তাকে শব্দৰ ৰূপত ধৰি ৰাখিবলৈ যত্ন কৰিছে। কবি 'মূৰত খহি পৰিছে আকাশ/মুখৰ হেৰাইছে‍ মাত/ভৰিৰ হেৰাইছে বাট'৷ মাজুলীক তেওঁ দেখিছে,'সদ্য বিধবা ন-বোৱাৰীৰ দৰে আঁঠুৰ মূৰত মূৰ গুজি তিনিমূৰীয়া হৈ বহি থকা'। তেওঁৰ প্ৰেমৰ কবিতাৰ মাজতো আছে সংযম। সেইবাবে তেওঁ ক'ব পাৰে,‘নিজকে কেতিয়াবা নিলাজ যেন লাগে/বান্ধিবই নোৱাৰোঁ মন/তোমাৰ কাষলৈ ঘনে ঘনে উৰে মোৰ যৌৱন'।

 ‘শোকাকুল পৃথিৱীৰ সকলো দুখ' বুকুত বান্ধি লোৱা কবিৰ দুখেই তেওঁৰ কবিতাৰো উৎস। তেওঁ কৈছে,'অখ্যাত কবি মই/শব্দৰ হাবিত বগাই ফুৰিছোঁ/বেজাৰ মনে'। আৰু তেওঁ মানুহৰ বাবে ‘ডাঙৰ-দীঘল কৰিছে প্ৰতিটো কবিতা'। মানুহক স্বার্থহীনভাৱে ভাল পাব পাৰিলে কবিতাৰ বাবে শব্দয়ে স্বাভাৱিক পথ উলিয়াই দিয়ে৷ প্ৰণৱ কুমাৰ গগৈৰ মাজত থকা এনে অমল প্ৰেমৰ কিছু নির্যাস তেওঁৰ কবিতাই ধৰি ৰাখিবলৈ যত্ন কৰিছে।

 মই আশা কৰিছোঁ শব্দক অধিক ব্যঞ্জনাক্ষম কৰি তুলিবৰ বাবে তেওঁৰ প্ৰচেষ্টা অব্যাহত থাকিব। প্ৰণৱৰ মাজত মই এজন প্ৰচুৰ সম্ভাৱনাময় কবিৰ আৱস্থান অনুভৱ কৰিছোঁ। প্ৰণৱক স্বাগতম।

৯ নবেম্বৰ ২০০২
ডিব্ৰুগড়

(ড° নগেন শ‍ইকীয়া)

প্রাক্তন সভাপতি, অসম সাহিত্য সভা।