এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দুখৰ চাৰিটা দৃশ্য
দৃশ্য- ১ গধূলি হ'লেই
বুকুখন ধপ-ধপাই
পুৱা, কলমৰ আগে উৰি যায়
কবিতাৰ এজাক
খঙাল চৰাই
দৃশ্য- ২ বাঁহীৰ মাত এটাই
মোৰ
হৃদয়খন ভাঙে
দুখত তল যাওঁ মই
আবেলি হ'লে
দৃশ্য- ৩ কাৰ তেজত নুমাই
তুলসী তলৰ চাকি
ঠিক একেই এতিয়া
কি দিন
কি ৰাতি!
দৃশ্য- ৪ কোনে গুজি দিব
মোৰ মুখত
হাঁহি আৰু বাঁহী
জনাই নাছিলো
জীৱন যে
ইমান আমনি।।
(প্রকাশিতঃ প্রতিফলন)
তেজত শব্দৰ হৈ চৈ/৩৯