এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কবিতা
মোৰ দুখ
এনেকৈয়ে আছে
কামিহাড় টনটন কৰে
চকু মুদি বহি থাকো মই
অন্ধৰ দৰে৷
০ ০ ০ ০ ০ ০
মোৰ দুখেই
হয়তো তোমালৈ এদিন
সুখ, আনি দিব পাৰে
অখ্যাত কবি মই
শব্দৰ হাবিত বগাই ফুৰিছো
বেজাৰ মনে।
০ ০ ০ ০ ০ ০
ইচ্ছাৰ বাটত তুমি
গৈ থাকিব পাৰা
স্বাধীনতা!
বিপদক লগ পালে মোক
একো নুসুধিবা
জানো মই
কোন পথ কিমান আন্ধাৰ৷
তেজত শব্দৰ হৈ চৈ/৩৭