এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যৌৱন ফুলিছে বুকুত
সোণাৰুৰ ফুল
ফুলিছে
ফুল সৰি সৰি হালধীয়া কৰিছে
কনেঙৰ
গা-ধুৱা ঘাট।
আই পেমেনামৰ ঐনিতমত
থৰ লাগে তাই
কাপোৰ সলোৱা হাত!
দিচাঙৰ বুকুৱেদি
সপোন উজাইছে
জোনাক নামিছে চকুত
কনেঙক চাই চাই
হেঁপাহ নপলাই
যৌৱন ফুলিছে বুকুত৷
(প্রকাশিতঃ দৈনিক জনমভূমি)
তেজত শব্দৰ হৈ চৈ/৩৬