সমললৈ যাওক

পৃষ্ঠা:তেজত শব্দৰ হৈ চৈ‍.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰসংগঃ জীৱন আৰু নদী

মোৰ বুকুত
এটা সোণ বৰণীয়া সপোন আছে
সপোনৰ বাবেই মই
বহুতবাৰ মৰাৰ পাছতো
জীয়াই আছো।

মই, নৈ পৰীয়া মানুহ
বাৰে বাৰে যুদ্ধ তৰো নদীৰ স'তে
সমস্ত সা-সম্পতি হেৰুৱাও
মথাউৰি টিঙত গৈ
জীৱন বচাওঁ।

তুমি আহিলেহে দেখিবা
আমাৰ জীৱনত কিমান ধুমুহা
তুমি যুঁজিলেহে জানিবা
নদীৰ খং কিমান চোকা

মই, নৈ পৰীয়া মানুহ
জীৱনৰ ওপৰত নদী
নদীৰ ওপৰত জীৱন॥

(প্রকাশিতঃ দৈনিক জনমভূমি)

তেজত শব্দৰ হৈ চৈ/৩৩