সমললৈ যাওক

পৃষ্ঠা:তেজত শব্দৰ হৈ চৈ‍.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘনে ঘনে উৰে
মোৰ যৌৱন



তোমাৰ
বুকুৰ ভাজে ভাজে
মোৰ জীৱনৰ সপোন আছে
তোমাৰ হৰিণ দুচকুত
মোৰ
যৌৱন নাচে।

কাৰ বাবে কোন
হেৰাই যাব পাৰে
তোমাৰ দেহলৈ
মোৰ দুচকু
সঘনে আহ-যাহ কৰে।

নিজকে কেতিয়াবা
নিলাজ যেন লাগে
বান্ধিবই নোৱাৰো মন
তোমাৰ কাষলৈ
ঘনে ঘনে উৰে মোৰ যৌৱন৷৷

(প্রকাশিতঃ শ্রীময়ী)

তেজত শব্দৰ হৈ চৈ/৩২