এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
থৰ থৰকৈ কঁপিছে কলিজা
শোকাকুল পৰিয়াল আমি
ইয়াত এজাক
মৰাশ, ঢাকি থৈছে
উশাহ ল'ব নোৱাৰি
তেজ
কেছেমা-কেছেম গোন্ধাইছে
আমি চাক ঘূৰণি খাইছো
চিনাক্ত কৰিব পৰা নাই
আমাৰ মৃতদেহ৷
কেনেকৈ চিনিবা
বিস্ফোৰণত চিটিকা শ.......
কাক কি সুবিধা
থৰ্ থৰকৈ কঁপিছে কলিজা৷
মূৰত, খহি পৰিছে আকাশ
মুখৰ হেৰাইছে মাত
ভৰিৰ হেৰাইছে বাট
কাক কি সুবিধা
থৰ্ থৰকৈ কঁপিছে কলিজা।।
তেজত শব্দৰ হৈ চৈ/২২