সমললৈ যাওক

পৃষ্ঠা:তেজত শব্দৰ হৈ চৈ‍.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শোকাকুল পৃথিৱীৰ সৰ্বস্ব দুখ

প্রচণ্ড এজাক ধুমুহাত
মোৰ বুকুৰ সৰ্বস্ব সপোন
হেৰাই গৈছিল
ক্রমশঃ
মই খহি পৰিছিলো
সূৰ্য্য নথকা
এখন পৃথিৱীলৈ .....

ঠিক এবাৰ মৰাৰ পাছত
মই, জী উঠিলো
কাণত বাজি উঠিল
ব’দৰ এটা গান।

এতিয়া ম‍ই
সকলো ধুমুহাৰ স'তেই
যুঁজিব পাৰো
বুকুত বান্ধিব পাৰো
শোকাকুল পৃথিৱীৰ
সৰ্বস্ব দুখ।

(প্রকাশিতঃ জনমভূমি)

তেজত শব্দৰ হৈ চৈ/১৪