এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আজি বহুত দিন হ'ল
আজি বহুতদিন হ'ল
তোমালোকৰ স'তে মই
বুকুডাঠি কথা পতা নাই
দুঃ সময়ে বাৰে বাৰে ভেটি হয়
মোৰ
অহা-যোৱা বাট।
কোনো সময়
অথবা
কোনো এটা দিনকে মই
সহজ ভাৱে ল'ব পৰা নাই
তোমালোকৰ দুঃ সংবাদত
মোৰ বুকুৰ ভিতৰখন
গজ গজকৈ বিষায়..........
বতাহত, কেচেমা-কেচেম গোন্ধায়
বতাহত, কেচেমা-কেচেম গোন্ধায়
আজি বহুতদিন হ’ল
তোমালোকৰ স'তে মই
বুকু ডাঠি কথা পতা নাই৷
(প্রকাশিতঃ সাহিত্য চিন্তা)
তেজত শব্দৰ হৈ চৈ/১২