সমললৈ যাওক

পৃষ্ঠা:তীৰ্থ-কাহিনী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তীর্থ-কাহিনী

কোবাই মাৰে, ইত্যাদি নানা চিন্তা কৰি, একো ভু-ভটং নাপায়ো বহুতৰ যোৱা নহয়। তৃতীয়, অসম দেশৰপৰা সেইবিলাক ঠাইলৈ আগেয়ে ৰেল বা জাহাজ আদিৰে যাবৰ সুবিধা নথকাত, অসমীয়া মানুহৰ পক্ষে দেশ ভ্ৰমণ কৰা এক ৰকম অসম্ভৱ আছিল; গতিকে মানুহৰ দেশ ভ্ৰমণ কৰা অভ্যাসটো কম। অভ্যাস নথকাত আজিকালি দুই এজনৰ ইচ্ছা হলেও উপযুক্ত সঙ্গী নাপায়। বঙ্গলা আৰু ইংৰাজী ভাষাত এই বিষয়ৰ নানা ৰকম কিতাপ আছে, যাক পঢ়ি বা এখনি হাতত লৈ ভাল সঙ্গী নহলেও দুই তিনিজন বন্ধুই লগ লাগি সেই কিতাপৰ সহায়েৰে অনায়াসে সমুদায় ভাৰতবৰ্ষ ফুৰি আহিব পাৰে। কিন্তু দুখৰ বিষয় আমাৰ অসমীয়া ভাষাত তেনেকুৱা কিতাপ এখনিও নাই । আমি ফুৰি আহি দেশ ভ্ৰমণৰ কথা কোৱা-মিল৷ কৰাত আমাৰ কেইজনমান বন্ধুৱে আমাৰ সেই মুখেৰে কোৱা কথাখিনিকে লেখি ছপাই উলিয়াবলৈ আমাক বাৰে বাৰে অনুৰোধ কৰাত হে এই কথাখিনি লিখি এইৰূপে কিতাপ আকাৰে উলিয়াবলৈ বাধ্য হলো। নতুবা এই বুঢ়া বয়সত আমি এতিয়া গ্ৰন্থকাৰৰূপে ৰাইজৰ আগত ঠিয় হবলৈ সমূলি ইচ্ছা নাছিল। এই বাটেৰে যিসকলে ভ্ৰমণ কৰিব খোজে, তেওঁলোকৰ পক্ষে এই সৰু কিতাপখনি কিছু সহায় হব বুলি আশা কৰিলো। বিশেষ যিমানদূৰ পাৰিছো ৰেলৰ তৃতীয় শ্ৰেণীৰ ভাড়া ও অন্যান্য খৰছ ও তীৰ্থৰ কৃতাকৰ্ম্ম আৰু তীৰ্থৰ সংক্ষেপ বিৱৰণও ইয়াত দিয়া হৈছে।