স্টেচন গাছে, তাতে এটা ধৰ্ম্মশালাও গাছে । সেই পিনে
পৰ্বতত উঠা বাটটোক “মেখেলা উজুৱা খট খট” বোলে ।
তাতে প্রথমে এঞ্জন দ্বাৰপাল গণেশ আৰু তাৰ পাচে এটা
প্রকাণ্ড বটুক ভৈৰবৰ মূৰ্ত্তি আছে । নীলাচলত সতী দেহৰ
গুপ্তাঙ্গ পৰিছিল বুলি দেবীৰ নাম কামাখ্যা হৈছে । ভৈৰবৰ
নাম উমানন্দ । কামাখ্যা দেৱীৰ বৰ্ত্তমান মঠ গতি সুন্দৰ,
কোচবিহাৰৰ মহাৰাজ নৰনাৰায়ণ ও তেওঁৰ ভায়েক চিলাৰায়
বা শুক্লধ্বজে এই মঠ তৈয়াৰ কৰি দিছে । মন্দিৰৰ সম্মুখতে
সৌভাগা কুণ্ড আছে। মন্দিৰৰ ভিতৰত প্ৰথমে অষ্টধাতুৰ
নিৰ্ম্মিত দশভুজা চলন্ত। কামাখ্যাৰ মূৰ্ত্তি আছে । তাৰ পাছে
ক্ৰমে ক্ৰমে তললৈ নামি গৈ এটা গভীৰ গহ্বৰৰ ভিতৰত
ভগৱতাৰ “যোনিমুদ্রা বা শক্তি পীঠ” আছে । অন্যান্য দেশৰ
দেব দেবীৰ মন্দিৰ ও পীঠৰ লগত আনামৰ বিশেষত্ব এই যে
ইয়াত যতবিলাক বিখ্যাত দেৱ দেবীৰ মূৰ্ত্তি বা পীঠ আছে
সকলোবিলাক এটা গভীৰ গহ্বৰৰ ভিতৰত থকা দেখা
যায় । ভাৰতবৰ্ষৰ ভিতৰত কেৱল উজ্জয়িনাৰ মহাকাল ভৈৰৱ
মানে এনেকুৱা গহ্বৰত আছে আৰু আন কোনো দেব
দেবীৰ মূৰ্ত্তি বা পীঠ গবৰত নাই । মন্দিৰৰ ভিতৰবিলাক
এক সমান; আসামৰ নিচিনা ক্ৰমে তললৈ নামিগৈ শেষে
এক গৃহবৰত পৰিণত হোৱা দেখা নাযায় । ইয়াৰ কাৰণ
কি ? " তরং নিহিতং গুগয়াং” এই বাক্যকে লক্ষা
কৰিয়েই মন্দিৰৰ ভিতৰবিলাক এনেকৈ তৈয়াৰ কৰিছে নেকি ?
পৃষ্ঠা:তীৰ্থ-কাহিনী.pdf/১২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬
তীর্থ-কাহিনী