সমললৈ যাওক

পৃষ্ঠা:তীৰ্থ-কাহিনী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তীর্থ-কাহিনী

তীর্থ ভ্ৰমণ কৰিব লাগিলে ধৰ্ম্মশাস্ত্রমতে যি দেশৰপৰা যিজনে তীর্থ লৈ যায়, তেওঁ প্রথমে সেই দেশৰ অধিষ্ঠাত্ৰী দেৱী বা দেৱতাক দৰ্শন কৰি তেওঁৰ অনুমতি নোলোৱাকৈ যোৱা অবিধি, নতুবা তীৰ্থ ভ্ৰমণৰ কোনো ফল নাপায় বুলি বহু দিনৰপৰা আমাৰ শুনা আছিল। গতিকে প্রথমে কামৰূপৰ অধিষ্ঠাত্ৰী দেবী কামাখ্যা দেবীক আমাৰ দৰ্শন কৰা উচিত আছিল; কিন্তু ৺কামাখ্যা দৰ্শন কৰিব লাগিলে আগেয়ে তেওঁৰ ভৈৰব ৺ উমানন্দ প্রভুক দৰ্শন কৰি তেওঁৰ অনুমতি লব লাগে। এতেকে প্রথমে আমি উমানন্দ মহাপ্রভুক দৰ্শন কৰি, তেওঁৰ অনুমতি লৈ কামাখ্যা দেবীক দৰ্শন কৰি তাৰ পাছতহে অন্যান্য তীৰ্থবোৰলৈ যাত্ৰা কৰা হৈছিল। আমি যাবলৈ ওলোৱা খবৰ পাই আমাৰ ওচৰৰ ৪ জন ভাল মানুহ আমাৰে সৈতে লগ হৈ ওলাল। তেওঁলোক চাৰি জন, আমি ও কালী বাবুৰে সৈতে ৬ জন, সকলোৰে মাজত চাকৰ এজন, আৰু আমাৰ আত্মীয় এজন গোসাঁইৰ লৰাই তীৰ্থ চাবলৈ ইচ্ছা কৰি তেওঁৰ খৰচ, আমি বহন কৰিলে আমাৰ ৰান্ধনী হৈ যাবলৈ স্বীকাৰ কৰাত তেওঁলোক দুইজনে সৈতে মোট যাত্ৰী ৮ জন হৈ এটা দল বান্ধিলো আৰু দূৰ্গা পূজাৰ বন্ধতে যাৰলৈ স্থিৰ কৰিলো । কিন্তু কালী বাবুৰ কিবা বিশেষ দৰকাৰ থকাত তেওঁ চাকৰজনে সৈতে তিন দিন আগেয়ে তেওঁৰ বঙ্গ দেশত থকা নিজৰ ঘৰেদি গৈ ৺ গয়াধামত আমাৰে সৈতে লগ হব বুলি আমাৰ লগত বন্দবস্ত কৰি বিজয়া দশ-