পৃষ্ঠা:তাৰা.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯৮
৯৮
তাৰা

৮৮ তাৰ। বিক্ৰম-হয় মহাৰাজ, আপোনাৰ আগত আঠু লৈছো। উঠাৰ আগেয়ে মোৰ লৰা দুজনক আপোনাৰ হাতত সমৰ্পন কৰিম। তাৰ পাছে আৰু ফলফুল ছিঙি নিয়া গছৰ দৰে বুঢ়া বাপেকক ৰক্ষা কৰিবৰ প্ৰয়োজন নাই। যদিও আজিলৈকে ইহঁতে মোকেই পিতা বুলি জানে তথাপি ইহঁত আপোনাৰহে ঔষজাত পুত্ৰ। মই পালক মাথোন। ৰজা-মোৰ ঔৰষজাত পুত্ৰ! ৰহ কৰিবৰ সময় নহয়। ভাঙি কোৱা। বিক্ৰম-আপুনি যেনেকৈ মৃত মহাৰাজৰ উৰষৰ পুত্ৰ, তেনেকৈ ইহঁতো আপোনাৰ, সি ধুৰূপ। এই বুঢ়া ভীলেই আপোনাৰ নিৰ্বাসিত সেনাপতি বিক্ৰমজিৎ। এই কুৰি বছৰ ধৰি মই ৰাজপুত্ৰ দুজনক উপযুক্ত শিক্ষা দিছে। মোক নিৰ্বাসিত কৰাৰ পাছত মোৰ কথাতে ইহঁতৰ ধাত্ৰী ইন্দিৰাই ইহঁতক চুৰ কৰি নিয়ে। সেই বাবে মই তাইক বিয়া কৰাওঁ। ৰাজভক্তিৰ বাবে শাস্তি পাই ৰাজদ্ৰোহী হলে॥ ইহঁতেই আপোনাৰ যুগল কুমাৰ। ৰজা—ইহঁতেই যদি মোৰ পুত্ৰ তেনেহলে ইহঁততকৈ গুণীপুত্ৰ মই ইচ্ছা নকৰে॥ ঠিক তুমিয়েই জয়সিংহ। কপালৰ দাগটোৱে তাৰ প্ৰমাণ। বিক্ৰম—সেয়েহে বিধাতাই এই দাগটো দিছিল। ৰজা-( জয় আৰু বিজয়ক আঁকোৱালি ধৰি) মোৰ আজি কি আনন্দ। একেলগে দুজন লৰা আৰু এজনী ছোৱালীৰ বাপেক হলো। মাকে প্ৰথমতে নিজৰ পেটৰ লৰা দেখিও ইমান আনন্দ নাপায়। বিক্ৰম, তোমাৰ সকলো অপৰাধ মাৰ্জনা কৰিলে। তাৰা, তুমি আজি এখন ৰাজ্য হেৰুৱালা।