পৃষ্ঠা:তাৰা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯৭
৯৭
তাৰা

তাৰ এওঁ সহস্ৰ ৰঘুপতিতকৈও শ্ৰেষ্ঠ। [ প্ৰহৰীৰ ফাললৈ চাই] সাৱধান প্ৰহৰী! গাত হাত নিদিবি। বন্দী হবলৈ এওঁৰ জন্ম হোৱা নাই--বন্দী কৰিবলৈহে। ৰজা-কি সৈনিক? মোক উপকাৰ কৰিবলৈ গৈ এতিয়া আকৌ খঙত পুৰি মৰিব খুজিছ নেকি? কেনেকৈ মোৰ নিচিনা উচ্চ কুলত জন্ম? বিজয়--পিতাই অৱশ্যে অলপ বঢ়াই কৈছে। ৰজা-সেইবাবে তাৰ মৃত্যু---প্ৰহৰী। বিক্ৰম--আমি তিনিও একেলগে মৰিম। বোপাহঁত, মই এতিয়া মোৰ পক্ষে এট বিপদজনক কথা কম, কিন্তু সৌভাগ্যক্ৰমে সি তোমালোক মঙ্গলৰ কাৰণেহে। বিজয়---আপোনাৰ বিপদেই আমাৰ বিপদ। জয়-- আপোনাৰ মঙ্গলেই আমাৰ মঙ্গল। বিক্ৰম--মহাৰাজ, আপোনাৰ এজন বিক্ৰমজিং বুলি সেনাপতি আছিল, মনত পৰেনে? -তা সেই বিশ্বাসঘাতকটো, সি এতিয়া নিৰ্বাসিত। বিক্ৰম--সেই বিশ্বাসঘাতকেই আজি এই অৱস্থা পাইছে। নিৰ্বাসিত স। কিন্তু বিশ্বাসঘাতক কিৰূপে হলো কব নোৱাৰে। ৰজা-প্ৰহৰী, ইয়াক বন্দী কৰ। তোৰ নিস্তাৰ নাই। ( প্ৰহৰী আগুৱাই আহে। } বি ঐ ---ইমান সোণ কালে নহয়--লাহে লাহে। প্ৰথমে আপোনাৰ লৰা দুজনক তুলি তালি ডাঙৰ দীঘল কৰাৰ পুৰস্কাৰ দিয়ক। মই সেই বানছ পালেই নিৰ্বাসিতৰ সম্পত্তি বুলি বাজেয়াপ্ত কৰিব। ৰজা--মোৰ লৰাক তুলি তালি ডাঙৰ দীঘল কৰাৰ বাবেনে?