পৃষ্ঠা:তাৰা.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯৬
৯৬
তাৰা

তা চন্দন- ৰজা-পিশাচীৰ বাবে দুখ নকৰিবা। তাইৰ দোষতে আমাৰ আচৰিত বিচ্ছেদ। কিন্তু পৰমেশ্বৰৰ ইচ্ছা আকৌ মিলন হল। কিন্তু ৰঘুপতিৰ বাতৰি এতিয়াও নাই। মহাৰাজ, মই এতিয়া সঁচা কথা কয। আইদেউ বেতিয়া নিৰুদ্দেশ হয় তেতিয়া ৰঘুপতিয়ে খঙত বিতত হৈ চকু পকাই তৰোৱাল ঘূৰাই মোক সুধিলে, তাৰা ক’ত আছে ক, নহলে তোৰ আজি নিস্তাৰ নাই। দৈবাৎ মোৰ হাতত এখন পালিত জাল চিঠি আছিল। সেই চিঠি পাই মোক খুজি পালিত এষোৰ সাজ লৈ আইদেউক পাম বুলি ৰাজনগৰৰ ফাললৈ গৈছে। তাৰ পৰা কি হল কব নোৱাৰোঁ। জয়—ময়ে কথাটো শেষ কৰে। তাতে মই তেওঁক হত্যা কৰিছে। ৰজা--ডেকা, ইমান উপকাৰ কৰাৰ পাছত কেনেকৈ তোয়াক শাস্তি দিম? এতিয়াও অস্বীকাৰ কৰ॥ কোৱা, তুমি তা ক হত্যা কৰা নাই। জয়--মই যি কৈছো তাকে কৰিছে। মিছা কথা কব নাজানো। ৰজা-তথাপি তেওঁ এজন ৰাজকৰ্মচাৰী আছিল। জয়-মহাৰাজ, সি অতি নীচ। মোক ক্ষমা কৰিব। সি মোক যিবোৰ গালি পাৰি অপমান কৰিছিল, সেইবোৰ বৰ্বৰ নানুহৰহে লক্ষণ। তাৰ দৰে গালি পৰা হলে মই উচ্চ পৰ্বতৰ গাতো লাঠি মাৰিলেহেঁতেন। ৰজা--তুমি তোমাৰ দেব স্বীকাৰ কৰিছা। ইয়াৰ শাস্তি মৃত্যু। প্ৰহৰী! দোৰীক বন্দী কৰি কাৰাগাৰলৈ লৈ ৰা। কালি পুৱাই ইয়াক বধ কৰিবি। [ প্ৰহৰী আগুৱাই আহে। ] বিক্ৰম-শান্ত হওক মহাৰাজ, এওঁৰে আপোনাৰ দৰে উচ্চ কুলত জন্ম।