পৃষ্ঠা:তাৰা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯৩
৯৩
তাৰা

তাৰা ৮৩ ৰজা--তেনেহলে তাৰ ফালে কিয় এনেকৈ চাইছা? তাৰা--মহাৰাজ, আপুনি যদি অনুগ্ৰহ কৰি এই বন্দীজনক এই হীৰা খটোৱা আঙঠিটো কত পলে সোধে তেনেহলে মই আপোনাৰ ওচৰত চিৰঋণী হম। পালিত--[স্বগত] ইয়াত তোমাৰ লাভ কি? বজা-বদী, এইপিনে আগুৱাই আহ। এই হীৰা-খটোৱা আঙঠিটে। কত পলি? কিন্তু যদি মিছা কথা কৱ তেনেহলে নিশ্চয় জানিবি, কঠোৰ যাতনা দি তোৰ মুখৰ পৰা সেই কথা বাহিৰ কৰিম। দিলীৰ—যি কথা শুনাবলৈ মহাৰাজে মোক ইমান ভয় দেখুৱাইছে সেই কথা শুনিলে মহাৰাজৰ বুকুত শেলে বিন্ধা দিব। বঙ্গা--কি মোক? দিলীৰ --হয় আপোনাক। উস, অনু তাপে মোৰ হৃদয় দহিব লাগিছে। এইটো আঙঠি ছলনাৰে মই লাভ কৰিছে। আপুনি নিৰ্বাসন দণ্ড দিয়া পালিতৰ এইটে। অঙঠ। মহাৰাজ আৰু কমনে? বজা--এই আঙঠ সম্বনে সকলো কথা ক। দিলীৰ --যোৰ আয় কৰিলে। সেই পাপৰ কথা মনত পৰিলেও মোৰ গা ক7ি1 উঠে। অপেক্ষা কৰক মই বৰ কাৰ হৈছে। যুদ্ধত শৰীৰ জৰ্জৰিত। আপোনাৰ কন্যা তাৰ। – অজয় সিংহ--মোৰ কন্যা তাৰ? তেওঁৰ বিষয়ে কি জান সোণ কালে ক। দিলীৰ--আপোনাৰ কন্যাৰ সতীত্বই সকলো অনৰ্থৰ মূল। পালিতে কলে, সতীত্বত তেওঁ সাৱিত্ৰীৰ তুল্য। সেই সময়ত মই হাজাৰ টকাৰ পণ ৰাখি কলো—যদি তেওঁৰ পত্নীৰ সতীত্ব হৰণ কৰিব পাৰে। তেনেহলে তেওঁৰ হাতত থকা এই আউঠিটো মোৰ। যদি ব্যৰ্থমনোৰথ হওঁ তেন্তে তেওঁৰ। পালিত